ডিজিটেল সংবাদ, চিৰাংঃ সামান্য এটা ছিগাৰেট বাকীত নিদিয়াৰ বাবেই এগৰাকী মহিলাক গুলীয়াই হত্যাৰ চেষ্টা কৰা অভিযুক্তক চিৰাং জিলা সত্ৰ ন্যায়াধীশৰ আদালতে শুকুৰবাৰে দহ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে।
চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে জানিবলৈ দিয়া মতে বিগত ১১ জুন, ২০২৩ তাৰিখে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দুইগুডাং গাঁৱত অজয় মুছাহাৰী নাম অভিযুক্ত জনে দোকানৰ পৰা এটা ছিগাৰেট বাকীত বিচাৰে ।কিন্তু মহিলা দোকানী আছুতি বসুমতাৰীয়ে ছিগাৰেট বাকী নিদিও বুলি কোৱাত দুয়োৰে মাজত তৰ্ক বিতৰ্ক আৰম্ভ হয় ।
পিছত অভিযুক্ত অজয় মুছাহাৰীয়ে নিজৰ লগত থকা হস্তনিৰ্মিত পিষ্টলেৰে মহিলা দোকানী গৰাকীৰ মূৰত গুলীয়াইছিল। পিছত গুৰুতৰ ভাবে আহত মহিলা গৰাকী চিকিৎসাৰ অন্তত প্ৰাণ ৰক্ষা পৰে। এই ঘটনাৰ পিছত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অভিযুক্ত অজয় মুছাহাৰীক অবৈধ মৰণাস্ৰসহ গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি ৩০৭, ৪৫৭ আৰু ২৫ (এ-১) ধাৰাত গোচৰ পঞ্জীয়ন কৰি কাজলগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত অভিযোগ নামা দাখিল কৰে ।
প্ৰায় ১৮ মাহ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত চিৰাং জিলা সত্ৰ ন্যায়াধীশ চি, চতুৰ্বেদীৰ আদালতে অভিযুক্ত অজয় মুছাহাৰীক ১০ বছৰ সশ্ৰম কাৰাদণ্ড লগতে পঞ্চাশ হাজাৰ টকা জৰিমনা বিহে আৰু জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰ কাৰাদণ্ডৰ ৰায়দান দিয়ে ।
উল্লেখ্য যে অজয় মুছাহাৰীয়ে গোচৰীয়া তথা ভুক্তভোগী পৰিয়ালক গোচৰ উঠাই লবলৈ ভয় ভাবুকি প্ৰদান কৰাৰ পিছত আদালতে অজয় মুছাহাৰীক প্ৰায় এবছৰ ন্যায়িক জিম্মাত ৰাখিয়ে শুকুৰবাৰে এই দহ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে ।