/asomiyapratidin/media/media_files/2025/08/04/1-2025-08-04-12-15-24.jpg)
ডিজিটেল সংবাদ, শিলচৰ: শিলচৰত পৰকীয়া প্ৰেমৰ সন্দেহত কুঠাৰেৰে মূৰত আক্ৰমণ কৰি অন্তঃসত্ত্বা পত্নীক হত্যা কৰিলে স্বামীয়ে। ঘটনাৰে জড়িত হত্যাকাৰী স্বামী সুৰজ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নৃশংস এই হত্যাকাণ্ডটো সংঘটিত হৈছে কাছাৰ জিলাৰ সোনাই গোবিন্দনগৰত।
মৃত মহিলা গৰাকীৰ নাম ঋতুপৰ্ণা দাস। জানিব পৰা মতে, ৬ মাহ পূৰ্বে ঋতুপৰ্ণা আৰু সুৰজৰ বিবাহ হৈছিল। বৰ্তমান বোৱাৰী গৰাকী ২ মাহৰ অন্তঃসত্ত্বা আছিল। বিবাহৰ পিছৰে স্বামী-স্ত্ৰী কাজিয়াৰ সূত্ৰপাত হৈছিল। স্বামী সুৰজ দাসৰ সন্দেহ পত্নী ঋতুপৰ্ণা পৰকীয়া প্ৰেমত জড়িত।
সেয়ে এই বিষয় লৈ দুয়োৰে মাজত চলি আহিছিল বিবাদ। যোৱাকালি স্বামী স্ত্ৰীৰ এই বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে। নিশা স্বামী সুৰজ দাসে কুঠাৰেৰে নিজৰ অন্তঃসত্ত্বা পত্নীক মূৰত উপৰ্যুপৰী আক্ৰমণ চলায়। পত্নীৰ চিঞৰবাখৰ শুনি প্ৰতিবেশী লোক ঘটনাস্থলীত উপস্থিত হয় যদিও ইয়াৰ পূৰ্বে মৃত্যু ঘটে ঋতুপৰ্ণাৰ।
ইপিনে পত্নীক হত্যা কৰি ৰাজপথত ঘূৰি ফুৰি থকা অবস্থাত স্থানীয় লোকে হত্যাকাৰী স্বামীক আটক কৰে। আৰু খৱৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামী সুৰজ দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে শিলচৰ মেডিকেল কলেজত। নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।