নীতিন গাডকাৰীৰ বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকি, দুৰ্বৃত্তক গ্ৰেপ্তাৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰস্থিত বাসগৃহত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰা দুৰ্বৃত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
dgdfdf

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাগপুৰস্থিত বাসগৃহত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি প্ৰদান কৰা দুৰ্বৃত্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে পুৱা জৰুৰীকালীন নম্বৰ ১১২-ত ফোন কৰি এজন যুৱকে মন্ত্ৰীগৰাকীৰ বাসগৃহটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল।

ফোনকল পোৱাৰ লগে লগে নাগপুৰ আৰক্ষীয়ে খৰতকীয়াকৈ আৰম্ভ কৰিছিল তদন্ত।  যি মোবাইল নম্বৰৰ পৰা ফোন কৰা হৈছিল, তাৰ আধাৰত আৰক্ষীয়ে নাগপুৰৰ সক্কাৰদাৰা অঞ্চলৰ তুলসীবাগ ৰোডৰ উমেশ বিষ্ণু ৰাউত নামৰ এজন ব্যক্তিৰ সন্ধান পায়। ফোনকলৰ স্থান আৰু কাৰিকৰী তথ্যৰ সহায়ত আৰক্ষীয়ে ৰাউতক আটক কৰে। পাছত সোধা-পোছাৰ অন্তত অপৰাধ শাখাই তেওঁক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, অভিযুক্ত ৰাউতে সুৰা দোকানত কাম কৰে। তেওঁৰ দ্বাৰা প্ৰদান কৰা বোমাৰ ভাবুকি প্ৰকৃততে ভুৱা বুলি প্ৰমাণিত হৈছে। অৱশ্যে এই ভাবুকিৰ আঁৰত তেওঁৰ উদ্দেশ্য কি আছিল সেই সন্দৰ্ভত অধিক তদন্ত চলি আছে। আৰক্ষীয়ে লগতে কয় যে, “উমেশ ৰাউতৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু আইনী ব্যৱস্থা চলি আছে।”

নীতিন গাডকাৰী