/asomiyapratidin/media/media_files/2025/06/06/CJz0s4qGmGcc3XuhJRKf.jpg)
ডিজিটেল সংবাদ,চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ সীমামূৰীয়া গাঁও সমূহত বৰ্দ্ধিত হস্তী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক তথা ৰুণীখাতা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ছাংগ্ৰাং ব্ৰহ্মৰ নেতৃত্বত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
হস্তী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলত ৰোপণ কৰিবলৈ আৰম্ভ কৰা হৈছে বন্যহস্তীৰ খাদ্যৰ উপযোগী গছপুলি। উল্লেখ্য যে বিগত সময়ছোৱাত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰচৰাত গছ গছনি কাটি বনধ্বংস কৰাৰ ফলত বনাঞ্চলত থকা বনৰীয়া হাতীৰ বাসস্থান সংকুচিত হোৱাৰ লগতে তেওঁলোকৰ খাদ্যৰ অভাৱ ঘটিছে ।
খাদ্যৰ অভাৱত বনৰীয়া হাতীৰ জাকে খাদ্য বিচাৰি জঙ্ঘল এৰি বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় প্ৰতিনিশাই ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰী, বৰ্মনপাৰা, আই পোৱালী আদি কৰি গাঁৱত খাদ্য বিচাৰি বনৰীয়া হাতীৰ আগমন ঘটে আৰু গৃহস্থৰ ঘৰৰ চোতালত থকা কলগছ, ফলমূলৰ গছ, শাকপাচলি আদি খাই বিনষ্ট কৰাৰ লগতে ঘৰদুৱাৰ ভাঙি ঘৰৰ ভিতৰত সোমাই মজুত কৰি ৰখা চাউল, দাইল খাই ধ্বংসস্তুপত পৰিণত কৰি থৈ যায়।
ইয়াকে লৈ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত আৰু তুংগত উঠি যায় ফলস্বৰূপ বনৰীয়া হাতীৰ আক্ৰমণত বিগত সময়ছোৱাত বহুলোকৰ প্ৰাণহানিৰ দৰে ঘটনা সংঘটিত হৈছে । হস্তী-মানুহৰ এই সংঘাতৰ আঁৰত মূল বিষয় হিচাপে চিহ্নিত হয় অবাধ বনধ্বংস, বাসস্থানৰ সংকুচিত আৰু খাদ্যৰ অভাৱ।
হস্তী-মানুহৰ এই সংঘাতৰ পৰা ৰক্ষা পাবলৈ ভুক্তভোগী ৰাইজে বনবিভাগৰ শৰণাপন্ন হয় যদিও বনবিভাগৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহয়। কিন্তু এইবেলি সমাগত বিটিচি নিৰ্বাচনৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ বুলি চৰ্চা লাভ কৰা বিশিষ্ট সমাজ কৰ্মী তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্মই স্থানীয় গাঁওবাসীৰ সহযোগত ইতিমধ্যেই গছ-গছনি কাটি তহিলং কৰা বনাঞ্চলৰ ভূমিত বনৰীয়া হাতীৰ খাদ্যৰ উপযোগী গছ গছনি ৰোপণ কৰে ।
আজি দেউশী অঞ্চলত দুশ লোকৰ উপস্থিতিত ছাংগ্ৰাং ব্ৰহ্মই ৫০০ কলৰ পুলি, ১০০০ কঠাল গছৰ ফুলি ৰোপণ কৰে । ৰোপণ কৰা গছ গছনি খিনি যাতে ডাঙৰ দীঘল হয় তাৰ বাবে দেখ ভাল কৰিবলৈ গাওঁবাসীক আহ্বান জনায়। হস্তী-মানুহৰ সংঘাত সংঘতিত এলেকাত এনেধৰনৰ প্ৰচেষ্টাৰ বহু ধনাত্মক ফলাফল দেখিবলৈ পোৱা গৈছে বুলি ছাংগ্ৰাং ব্ৰহ্মই ৰাইজক সদৰি কৰে ।
ইপিনে বৃহত্তৰ দেউশ্ৰী অঞ্চলত হস্তী-মানুহৰ সংঘাত ৰোধ কৰি পদক্ষেপ গ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী ছাংগ্ৰাং ব্ৰহ্মৰ এই মহৎ প্ৰচেষ্টাক শলাগ লয় অঞ্চলটোৰ ভুক্তভোগী ৰাইজ সকলে । উল্লেখ্য যে বিগত কিছু বছৰ ধৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা এলেকাত নিজৰ পকেটৰ ধন খৰচ কৰি ৰাইজৰ উপকৃত হব পৰাকৈ এনে বহু সামাজিক কাম কৰি আহিছে ছাংগ্ৰাং ব্ৰহ্মই।
বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ছাংগ্ৰাং ব্ৰহ্মৰ এনেধৰনৰ সামাজিক কামকাজক ৰাজনৈতিক উদ্দেশ্য থকা বুলি আলোচিত হৈছে । কিন্তু তাৰ প্ৰত্যুত্তৰত ছাংগ্ৰাং ব্ৰহ্মই কয় যে মই ৰাইজৰ উপকাৰ হব পৰা কাম কৰি ভাল পাও সেয়ে কৰি গৈ আছো বাকি মোৰ এই কামকাজক লৈ কোনে কি কয় সেয়া মোৰ বাবে বিষয় নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।