/asomiyapratidin/media/media_files/2025/08/02/1-2025-08-02-17-36-50.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথ চাৰিআলিৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক অঘটন। বিশ্বনাথৰ মধুপুৰস্থিত প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেছন নামৰ নিচা মুক্তি কেন্দ্ৰত আজি এজন যুৱকৰ মৃত্যু হয়।
জানিব পৰা মতে, চিকিৎসা কৰি থকাৰ সময়তে তিনি মহলীয়া বিল্ডিংৰ পৰা জপিয়াই দিয়ে যুৱক জনে। লগে লগে চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত যুৱক জন পাঠশালাৰ ঋতুৰাজ বড়ো বুলি জানিব পৰা গৈছে।
ইতিমধ্যে বিশ্বনাথ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ বাবে প্ৰেৰণ কৰিছে। উল্লেখ্য যে, তিনি মাহ পূৰ্বে নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল যুৱকজনক। ইফালে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈয়ে ৬ নং ৱাৰ্ডত কৰ্তৃপক্ষই নিচামুক্তি কেন্দ্ৰটো চলাই থকাৰ অভিযোগ কৰিছে খোদ বিশ্বনাথৰ পৌৰপতিয়ে।
পৌৰপতি গৰাকীয়ে অভিযোগ কৰা মতে, বিশ্বনাথৰ পৌৰসভাৰ এলেকাৰ কোনো এটা নিচা মুক্তি কেন্দ্ৰৰে নাই পৌৰসভাৰ অনুমতি পত্ৰ। এতিয়া প্ৰশ্ন হয় যে, এনেদৰে পৌৰসভাৰ অনুমতি নোলোৱাকৈ এটা নিচামুক্তি কেন্দ্ৰ চলাই থকাটো কিমান যুক্তি সংগত।