পেহেলগাম আক্ৰমণকাৰীয়ে ২০২৪ ৰ পৰা কাশ্মীৰত চলাই আহিছিল হত্যালীলা

সন্ত্ৰাসবাদী কেইটা পূৰ্বেও একাধিক হত্যা কাণ্ডৰ সৈতে জড়িত হৈ আছিল। খবৰ অনুসৰি বিগত বছৰত জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত হত্যাকাণ্ডৰ আঁৰতো এই উগ্ৰপন্থী কেইটা জড়িত আছিল।

author-image
Tushar Pratim
New Update
পেহেলগাম আক্ৰমণকাৰীয়ে ২০২৪ ৰ পৰা কাশ্মীৰত চলাই আহিছিল হত্যালীলা

ডিজিটেল ডেস্কঃ যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা জঘন্য আক্ৰমণৰ সৈতে জড়িত হৈ থকা সন্ত্ৰাসবাদীৰ পৰিচয় উদ্ধাৰ পাছতে অব্যাহত আছে অভিযান। তাৰ মাজতে পোহৰলৈ আহিছে এই সন্ত্ৰাবাদীৰ পূৰ্বৰ বহু অপৰাধৰ তালিকা। 

Advertisment

জানিব পৰা মতে এই সন্ত্ৰাসবাদী কেইটা পূৰ্বেও একাধিক হত্যা কাণ্ডৰ সৈতে জড়িত হৈ আছিল। এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি বিগত বছৰত জম্মু-কাশ্মীৰৰ গণ্ডাৰবলত সংঘটিত হত্যাকাণ্ডৰ আঁৰতো এই উগ্ৰপন্থী কেইটা জড়িত আছিল।

২২ এপ্ৰিলত পেহেলগামৰ বৈছাৰণ উপত্যকাত উগ্ৰপন্থীয়ে মুঠ ২৮ জন লোকক হত্যা কৰিছিল। তাৰ পাছতেই ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই ঘটনাৰ সৈতে জড়িত তিনিওটা উগ্ৰপন্থীৰে স্কেচ্চ প্ৰকাশ কৰিছিল। সমান্তৰালকৈ পোহৰলৈ আহিছিল সিহঁতৰ ফটো। 

কিন্তু সেই আক্ৰমণৰ আঠ দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়াও উগ্ৰপন্থী কেইটাৰ সন্ধান উলিয়াব পৰা নাই সেনা, আৰক্ষীয়ে। জানিব পৰা মতে, গণ্ডাৰবল জিলাত ইয়াৰ পূৰ্বে বিগত বছৰত সংঘটিত আক্ৰমণতো এই একে কেইটা উগ্ৰপন্থী জড়িত আছিল। 

২০২৪ চনৰ এই ঘটনাত ৬ জন শ্ৰমিক আৰু এজন চিকিৎসকৰ মৃত্যু হৈছিল। সোণমাৰ্গৰ জেড-ম’ৰ সুৰংগৰ সমীপত উদ্ধাৰ হৈছিল এই শ্ৰমিক কেইজনৰ মৃতদেহ। 

সূত্ৰৰ খবৰ অনুসৰি পেহেলগাম আক্ৰমণৰ দৰেই পাকিস্তানী উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ এটা ছায়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (টি আৰ এফ)য়েই এই আক্ৰমণ কৰিছিল।
চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা অনুসৰি জেড-মৰ আক্ৰমণৰ আঁৰত পেহেলগাম হত্যাকাণ্ডৰ লগত জড়িত লস্কৰৰ উগ্ৰপন্থী হাছিম মুছা ওৰফে চুলেমান আছিল। ২০২৪ চনৰ আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। 

সেই বছৰৰ ডিচেম্বৰ মাহত জুনাইদ আহমেদ ভাট নামৰ আন এটা উগ্ৰপন্থী এনকাউণ্টাৰত নিহত হৈছিল। একেটা আক্ৰমণত জড়িত আৰু দুই উগ্ৰপন্থীক পিছত উচিত শাস্তি বিহা হৈছিল।কিন্তু মুছা নিৰাপত্তাৰক্ষীৰ পৰা ৰক্ষা পৰিল।

উল্লেখ্য যে, ২০২৪ চনৰ অক্টোবৰ মাহত সোনমাৰ্গ সুৰংগৰ ওচৰত ব্যক্তিগত নিৰ্মাণ কোম্পানী এটাৰ শ্ৰমিক শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ সেই আক্ৰমণৰ ঘটনাত বুডগামৰ চিকিৎসক শ্বাহনৱাজ, পঞ্জাৱৰ গুৰদাসপুৰৰ গুৰমীত সিং, বিহাৰৰ মহম্মদ হানিফ, ফাহিম নাছিৰ (নিৰাপত্তা কৰ্মী), কালিম, মধ্যপ্ৰদেশৰ অনিল কুমাৰ শুক্লা আৰু জম্মুৰ শশী আব্ৰোলৰ মৃত্যু হৈছিল। 

তদুপৰি উগ্ৰপন্থীয়ে সংগঠনটোৰ দুখন বাহনতো অগ্নিসংযোগ কৰিছিল। ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সোণমাৰ্গ সুৰংগই শ্ৰীনগৰক কাৰ্গিলৰ সৈতে সংযোগ কৰিছে। ৮,৫৬২ ফুট উচ্চতাত অৱস্থিত এই সুৰংগটো আছিল অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। 

 

সন্ত্ৰাসবাদী পেহেলগাম