/asomiyapratidin/media/media_files/2024/12/16/7H240emTBKWTFX6oG8PE.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃকালাপানী আৰক্ষী চকী এলেকাৰ অন্তৰ্গত বৰবিলা আমটেঙা গাঁৱত আৰক্ষীয়ে মাজনিশা অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰণ সামগ্ৰী জব্দ কৰে । বৰবিলা আমটেঙা গাঁৱত ইজাজুল মিয়া নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা জব্ধ কৰে বিস্ফোৰক সামগ্ৰী খিনি ।
জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত লোকজনৰ ঘৰত চলোৱা হৈছিল অভিযান ।উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী খিনি মেঘালয়ৰ এজন গাৰো যুৱকৰ পৰা ৭০ হাজাৰ টকাত ক্ৰয় কৰিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত লোকজনে ।
কি উদ্দেশ্যেত লোকজনে বিস্ফোৰক সামগ্ৰীখনি আনিছিল এতিয়ালৈ জানিব পৰা হোৱা নাই । আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে কালাপানী আৰক্ষী চকীত গোচৰ পঞ্জীয়ন কৰা হৈছে লোকজনৰ বিৰুদ্ধে ।