হেলেমৰ উত্তৰাঞ্চলত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

গহপুৰ সমজিলাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে বিয়লি চলোৱা এক অভিযানত হেলেমৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তবৰ্তী এলেকাৰ পৰা গাঞ্জা সহ গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা ব্যৱসায়ী।

author-image
Asomiya Pratidin
New Update
গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ অন্তৰ্গত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে বিয়লি চলোৱা এক অভিযানত হেলেমৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তবৰ্তী এলেকাৰ পৰা গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে এজন গাঞ্জা ব্যৱসায়ী।

Advertisment

অঞ্চলটোৰ বুৰৈ নৈৰ পাৰৰ গোশালাৰ ওচৰত এজন ব্যক্তিয়ে গাঞ্জা বিক্ৰী কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষী বিষয়া পংকজ চিতলাই। উক্ত খবৰৰ ভিত্তিত চলোৱা অভিযানত গোশালাৰ বুৰৈ নৈৰ সমীপৰ পৰা গ্ৰেপ্তাৰ হয় গাঞ্জা ব্যৱসায়ী জন। ধৃত গাঞ্জা ব্যৱসায়ী জন বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহুমাৰী বনগাঁৱৰ উমেশ পায়েং (৬২) বুলি জানিব পৰা গৈছে। তেওঁৰ জিন্মাৰ  পৰা ১.০৬৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে। এই সন্দৰ্ভত হেলেম আৰক্ষীয়ে  ২৯/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি গাঞ্জা ব্যৱসায়ী জনৰ বিৰূদ্ধে যাবতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

গহপুৰ