Advertisment

শিলচৰত নিষিদ্ধ সামগ্ৰীসহ আটক এজন.....

জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ ক’লা বজাৰত মূল্য প্ৰায় ২০ কোটি টকা । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কাছাৰঃ  দেওবাৰে পুৱতি নিশা প্ৰায় ১ বজাত আৰক্ষীয়ে অভিযান চলাই শিলচৰত জব্দ কৰে বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ।

Advertisment

শিলচৰৰ চিলডুবি হৈ ৰাজ্যৰ বাহিৰলৈ সন্দেহযুক্ত নিচাযুক্ত দ্ৰব্য পৰিবহণ সম্পৰ্কীয় তথ্য লাভ কৰাৰ লগে লগে শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু কাছাৰ আৰক্ষীৰ নেতৃত্বত এক বিশেষ অভিযান চলোৱা হয় শিলডুবি শিলিকুৰি পথত ।

এই অভিযানৰ সময়ত চাহিল আহমেদ লস্কৰ নামৰ এজন লোকক সন্দেহযুক্ত ১০টা চাবোনৰ বাকচ আৰু মুঠ ৬.৮৪৮ কিলোগ্ৰাম ওজনৰ ৬০,০০০ য়াবা টেবলেটসহ আটক কৰা হয় । এখন পালছাৰ মটৰ চাইকেলত নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ সময়ত আটক কৰা হয় লোকজনক। সবৰাহৰ বাবে ব্যৱহাৰ কৰা দুচকীয়া বহনখনৰ নম্বৰ হAS11AA9625 ।

জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনিৰ কলা বজাৰত মূল্য প্ৰায় ২০ কোটি টকা । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

অবৈধ নিচাযুক্ত টেবলেট