ৰঙাপৰা ৰে’লৱে ষ্টেচনত ধনেশ পক্ষীৰ ঠোঁটসহ আটক এজনক....

এক গোপন সূত্ৰৰ পম খেদি ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে লাচিত এক্সপ্ৰেছ ৰে’লত তালাচী চলাই এজন ব্যক্তিৰ পৰা জব্দ কৰে ঠোঁট কেইটা ।ব্যক্তিজনৰ নাম মাৰিয়াছ মুণ্ডা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত ৰেলৰ পৰা চাৰিটাকৈ ধনেশ পক্ষীৰ ঠোঁটসহ এজনক আটক ৰেলৱে সুৰক্ষা বাহিনীয়ে ।

এক গোপন সূত্ৰৰ পম খেদি ৰঙাপৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে লাচিত এক্সপ্ৰেছ ৰেলত তালাচী চলাই এজন ব্যক্তিৰ পৰা জব্দ কৰে ঠোট কেইটা ।ব্যক্তিজনৰ নাম মাৰিয়াছ মুণ্ডা বুলি জানিব পৰা গৈছে।

ব্যক্তিজন ওদালগুৰিৰ পৰা হাৰমতিলৈ গৈ থকাৰ সময়তে ৰঙাপৰা ষ্টেচনত ৰেলৱে সুৰক্ষা বাহিনীয়ে আটক কৰে।ইতিমধ্যে মাৰিয়াছ মুণ্ডাক আমাৰিবাৰী বনবিভাগক গটাই দিছেৰেলৱে সুৰক্ষা বাহিনীয়ে । উল্লেখ্য যে ধনেশ পক্ষীৰ ঠোঁট কেইটাৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা হব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে৷

জামুগুৰিহাট