/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/arret.jpg)
ডিজিটেল ডেস্ক: কেন্দ্ৰ চৰকাৰৰ অগ্নিবীৰ যোজনাৰ বিৰুদ্ধে এতিয়াও দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাৱ্যস্ত হোৱা দেখা যায় । এই যোজনা সন্দৰ্ভতে জড়িত এক ঘটনাত পুনৰ গ্ৰেপ্তাৰ হয় এজন যুৱক।
বিহাৰৰ এজন যুৱকে হোৱাটচ এপ গ্ৰুপ বনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিভিন্ন ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। ২৩ বছৰীয়া যুৱক জনৰ নাম মোহন যাদৱ বুলি জানিব পৰা গৈছে। তেওঁৰ বিহাৰৰ দৰবংগা জিলাৰ বহোৰৱা গাঁৱৰ।
ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পাটনাত আছিল। তাৰ পাছতেই যুৱকজনে প্ৰধানমন্ত্ৰী মোডী সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰে লগতে হোৱাটচ এপ গ্ৰুপ বনাই ভাবুকি প্ৰদান কৰে।
ঘটনা সন্দৰ্ভত জানিব পাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। আৰক্ষীয়ে জনাই যে অগ্নিবীৰ যোজতনা সন্দৰ্ভত ক্ষোভিত হৈ আছিল যুৱকজন।
আৰু পঢ়ক: চোৰাং চোৱাৰ তথ্য! আলফা(স্বা)ৰ শীৰ্ষ টাৰ্গেট DIG জিৎমল দলে