সামাজিক মাধ্যমত ভগৱানৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক...

ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ সহৰ আলিৰ সন্তান আব্দুল আশিকে সামাজিক মাধ্যমত হিন্দু ধৰ্মৰ ভগৱানৰ প্ৰতি বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰিকল্পনা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  সামাজিক মাধ্যম ইনষ্টাগ্ৰামত হিন্দু ধৰ্মৰ ভগৱানক অপমান কৰা আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ অভিযোগত আজি ফকিৰাগ্ৰাম আৰক্ষীয়ে আব্দুল আশিক (১৯) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Advertisment

প্ৰাপ্ত বাতৰি মতে, ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ সহৰ আলিৰ সন্তান আব্দুল আশিকে সামাজিক মাধ্যমত হিন্দু ধৰ্মৰ ভগৱানৰ প্ৰতি বিতৰ্কিত মন্তব্য আগবঢ়োৱাৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰিকল্পনা কৰে।

বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত আৰক্ষীয়ে নিজাববীয়া এজাহাৰ গ্ৰহণ কৰি আজি আব্দুল আশিকক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাটো ফকিৰাগ্ৰাম এলেকাত চাঞ্চল্যৰ সৃষ্টি কৰে আৰু আৰক্ষীৰ সমায়োচিত পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে। 

কোকৰাঝাৰ