দেশত কেৱল ৰাহুল গান্ধীৰ নেতৃত্বতহে বিজেপি মুক্ত চৰকাৰ সম্ভৱ: কংগ্ৰেছ সভাপতি

বিজেপি আৰু টিআৰএছ একেলগে কাম কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে নাটক কৰে টি আৰ এছে। কিন্তু তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত আছে: ৰাহুল গান্ধী

author-image
Asomiya Pratidin
New Update
কোৰোনাত আক্ৰান্ত ৰাহুল গান্ধী…

ডিজিটেল ডেস্ক: বৰ্তমান দেশজুৰি চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। কংগ্ৰেছৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত মালিকাৰ্জুন খাৰ্গে মঙলবাৰে হায়দৰাবাদত এই অভিযানত অংশগ্ৰহণ কৰে।

এক সমাৱেশত ভাষণ দি তেওঁ শাসকীয় তেলেংগানাৰ শাসনাধিষ্ঠ চৰকাৰখনক লৈ মন্তব্য কৰে লগতে বিজেপিৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা যায়।

খাৰ্গে কয় যে ,‘যেতিয়াই আমি সংসদত যিকোনো বিধেয়কৰ বিৰোধিতা কৰিছিলো তেতিয়াই টি আৰ এছয়ে( তেলেংগনা ৰাষ্ট্ৰ সমিতি) বিজেপিক সমৰ্থন কৰিছিল। কিন্তু তাৰপাছতো তেওঁলোকে বিজেপি মুক্ত চৰকাৰ আনিম বুলি কয়। যদি কোনোবাই বিজেপি মুক্ত চৰকাৰ গঠন কৰিব পাৰে, তেন্তে সেয়া কেৱল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সম্ভৱ''।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে টি আৰ এছৰ নেতা তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ প্ৰত্যক্ষ যোগাযোগৰ আছে।

অভিযোগ উত্থাপন কৰি গান্ধীয়ে কৈছিল যে বিজেপি আৰু টিআৰএছ একেলগে কাম কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে নাটক কৰে টি আৰ এছে। কিন্তু তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত আছে।

rahul gandhi congress mallikarjun kharge