/asomiyapratidin/media/media_files/2025/07/16/rahul-gandhi-2025-07-16-07-30-03.jpg)
ডিজিটেল ডেস্কঃ আজি অসমলৈ আহিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। কংগ্ৰেছৰ দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই আজি অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব।
দুয়োগৰাকীক নেতাক আদৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। দুয়োগৰাকী নেতাই দলটোৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে দলৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হ’ব।
কংগ্ৰেছৰ শীৰ্ষ নেতা দুয়োগৰাকীৰ অসম ভ্ৰমণ সন্দৰ্ভত জানিব পৰা মতেআজি প্ৰথমেদুয়োগৰাকী নেতায়ে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব আৰু তাৰ পিছত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডলৈ ৰাওনা হ'ব।হোটেল কিৰণশ্ৰী গ্ৰেণ্ডতে দুয়োগৰাকী কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাই দলীয় বিষয়ববীয়াৰ সৈতে এক বৈঠকত মিলিত হ'ব।
তাৰ পিছতে তেওঁলোকে ছয়গাঁৱত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ কৰ্মীৰ এখন সভাত অংশগ্ৰহণ কৰিব। আনহাতে, এই কাৰ্যসূচীৰ পূৰ্বে মঙলবাৰে ৰাজ্যত উপস্থিত হয় এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং।
বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে যে বিজেপিৰ এতিয়া ৰাহুল গান্ধীৰ নাম শুনিলেই জ্বৰ উঠে। তেওঁ লগতে বিজেপিয়ে ৰাজ্যত অপশাসন চলাই থকা বুলিও উল্লেখ কৰে। আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে গগৈয়ে নিজে নিজেই বিতৰ্ক কৰি থাকে।