/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/83f518ba-047d-4547-9bad-aaeac043e516/congress_19.jpg)
congress president
ডিজিটেল ডেস্কঃ অৱশেষত কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি। ২৪ বছৰৰ পিছত কংগ্ৰেছ দলৰ নেতৃত্ব গ'ল এজন 'অ-গান্ধী' লোকৰ হাতলৈ। আজি অনুষ্ঠিত হোৱা কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ ভোটগণনাৰ অন্তত জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই লাভ কৰিলে ৭৮৯৭ টা ভোট।
ইয়াৰ বিপৰীতে শশী থাৰুৰে লাভ কৰিলে মাত্ৰ ১০৭২ টা ভোট। আনহাতে ৪১৬ টা ভোট নাকচ কৰা হৈছে। ৬৮২৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত হ'ল শশী থাৰুৰ।
ফলাফল ঘোষণাৰ পিছতে শশী থাৰুৰে মল্লিকাৰ্জুন খাৰ্গেক অভিনন্দন জনোৱাৰ লগতে তেওঁক যিসকলে সমৰ্থন কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলে। ইয়াৰোপৰি মল্লিকাৰ্জুন খাৰ্গেক সাক্ষাত কৰিবলৈ শশী থাৰুৰৰ দিল্লীস্থিত খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছেগৈ।
এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লগে লগে মল্লিকাৰ্জুন খাৰ্গে হ'ল কংগ্ৰেছৰ ৬৫ সংখ্যক সভাপতি। কংগ্ৰেছ সভাপতি হোৱা দ্বিতীয়জন দলিত নেতা হিচাপে পৰিগণিত হ'ল খাৰ্গে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us