নৱ নিৰ্বাচিত কংগ্ৰেছৰ সভাপতি খাৰ্গেয়ে ফোন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈক, ক'লে...

নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ লৈ কংগ্ৰেছৰ নব নিৰ্বাচিত সভাপতি ৮১ বছৰীয়া মল্লিকাৰ্জুন খাৰ্গেৰ ফোন ৷

author-image
Asomiya Pratidin
New Update
নৱ নিৰ্বাচিত কংগ্ৰেছৰ সভাপতি খাৰ্গেয়ে ফোন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈক, ক'লে...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ লৈ কংগ্ৰেছৰ নব নিৰ্বাচিত সভাপতি ৮১ বছৰীয়া মল্লিকাৰ্জুন খাৰ্গেৰ ফোন ৷ বৃহস্পতিবাৰে টেলিফোন যোগে খাৰ্গেয়ে সাংসদ বৰদলৈৰ বিছাৰিছে সহযোগ ৷ অসমত কংগ্ৰেছক শক্তিশালী কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ বাবে সাংসদ বৰদলৈৰ সহযোগ বিচাৰিছে খাৰ্গেয়ে ৷

Advertisment

উল্লেখ্য এই যে কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত সাংসদ বৰদলৈয়ে খাৰ্গেৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল ৷ খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰা শশী থাৰুক সমৰ্থন কৰিছিল বৰদলৈয়ে ৷ আনকি বৰদলৈয়ে শশী থাৰুৰ প্ৰস্তাৱক, সমৰ্থকে নহয় থাৰুক বিজয় কৰিবলৈ প্ৰচাৰ অভিযানটো নামি পৰিছিল ৷ সাংসদজনৰ এই কষ্ট বিফল হৈছিল আৰু শশী থাৰু মল্লিকাৰ্জুন খাৰ্গেৰ হাতত পৰাজিত হৈছিল ৷

খাৰ্গে বিজয় হোৱাৰ পিছত অসমত শশী থাৰুৰ পক্ষত প্ৰত্যক্ষ ভাবে থকা প্ৰদ্যুৎ বৰদলৈ শেহতীয়াকৈ ৰাজ্যৰ কংগ্ৰেছৰ ৰাজনীতিত এলাগী হোৱাৰ উপক্ৰম হৈছে ৷ এনে সন্ধিক্ষণত আভ্যন্তৰিন ভাবে অসন্তোষ্ট হৈ পৰিছে সাংসদজন ৷

আনহাতে সাংসদ বৰদলৈয়ে নিজৰ অভিমত প্ৰকাশ কৰি ইতিমধ্যে সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনটোয়ে কংগ্ৰেছক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে ৷ শশী থাৰু যোগ্য ব্যক্তি বুলি মন্তব্য কৰি বৰদলৈয়ে কয় যে গনতন্ত্ৰত হৰা জিকা আছে ৷

নিৰ্বাচনক লৈ দলৰ মজিয়াত কাৰোৰে মতবিৰুদ্ধ নাই বুলি মন্তব্য কৰি ৰাজ্যিক পৰ্যায়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ ইঙ্গিত প্ৰদান কৰে ৷ সাংসদ বৰদলৈৰ মতে কোনোবাই যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে দলৰ মজিয়াত নিৰ্বাচন বিচাৰে তেনেহ’লে নিৰ্বাচন হ'ব ৷ নিৰ্বাচন হ’লে সভাপতি সলনি হ'ব পাৰে ৷

assam congress mallikarjun kharge