/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/909334cf-460c-4154-92c7-94a828340260/4.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ৰঘুবেন্দ্র কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰে জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। জালুকবাৰী আৰক্ষীৰ জালত পৰিছে দুগৰাকী মহিলাসহ দুজন পুৰুষ। চাৰিওকে কামাখ্যা আৰু বৰপেটাৰ পৰা আটক কৰিছে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত সমগ্ৰ তথ্য পোহৰলৈ অহা নাই যদিও পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। কামাখ্যা ষ্টেচনৰ সমীপৰ এটা ভাড়া ঘৰত হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
আনহাতে আৰক্ষীয়ে আটক কৰা এজন যুৱকৰ নাম ৰাজা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি মৃতদেহ ওলোৱা স্থানৰ সমীপৰ এটা ভাড়া ঘৰত থাকে ৰাজা।ৰাজাৰ লগতে আৰক্ষীয়ে আটক কৰিছে ৰাজাৰ পত্নীকো। প্ৰায় ৮ মাহৰ অন্তঃসত্বা ৰাজাৰ পত্নী। ৰাজাৰ পত্নীৰ সৈতে ৰঘুবেন্দ্রৰ প্রেমৰ সম্বন্ধ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।ইফালে মঙলদৈৰ পৰা আটক কৰিছে গকুল ফুকন নামৰ আন এজন অভিযুক্তক।
উল্লেখ্য যে, ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ মৃতদেহৰ ওচৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা মোবাইল ফোন। এই ফোনটো মৃত ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ নহয়। আৰক্ষীক বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছে হত্যাকাৰীয়ে।মৃত ৰঘুবেন্দ্ৰ গুপ্তাৰ ফোন ব্যৱহাৰ কৰি আছে এগৰাকী মহিলাই।
Also Read: মানকাচৰত চৰকাৰী চিকিৎসকৰ গুণ্ডাৰাজঃ ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ নামত ২ হাজাৰ টকা দাবী