মালয়েছিয়াৰ সৰ্ববৃহৎ ভ্ৰমণ আৰু পৰ্যটন প্ৰদৰ্শনীত অসমক কেন্দ্ৰ কৰি উত্তৰ-পূব সন্দৰ্ভত আলোকপাত

কুৱালালামপুৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত মালয়েছিয়াৰ সৰ্ববৃহৎ ভ্ৰমণ আৰু পৰ্যটন প্ৰদৰ্শনীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেডাৰৰ মুখ্যমন্ত্ৰী দাটো চেৰী ছানুছি বিন মড নুৰে ভাৰত পেভিলিয়ন উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
মালয়েছিয়াৰ সৰ্ববৃহৎ ভ্ৰমণ আৰু পৰ্যটন প্ৰদৰ্শনী

মালয়েছিয়াৰ সৰ্ববৃহৎ ভ্ৰমণ আৰু পৰ্যটন প্ৰদৰ্শনী

ডিজিটেল সংবাদ, গুৱাহাটী:  কুৱালালামপুৰৰ বিশ্ব বাণিজ্য কেন্দ্ৰ (পিডব্লিউটিচি)ত অনুষ্ঠিত মালয়েছিয়াৰ সৰ্ববৃহৎ ভ্ৰমণ আৰু পৰ্যটন প্ৰদৰ্শনীত শনিবাৰে পুৱা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেডাৰৰ মুখ্যমন্ত্ৰী দাটো চেৰী ছানুছি বিন মড নুৰে ভাৰত পেভিলিয়ন উদ্বোধন কৰে। অনুষ্ঠানত মালয়েছিয়াত থকা ভাৰতৰ উচ্চায়ুক্ত বি.এন. ৰেড্ডী আৰু অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড (এ টি ডি চি)ৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভ্ৰমণ বাণিজ্যৰ প্ৰতিনিধি উপস্থিত থাকে। 

Advertisment
ভাৰত পেভিলিয়ন উদ্বোধন
ভাৰত পেভিলিয়ন উদ্বোধন

 

ভাৰতৰ উচ্চায়ুক্তৰ সক্ৰিয় উদ্যোগত অনুষ্ঠিত আৰু এ টি ডি চিৰ দ্বাৰা কাৰ্যকৰী কৰা ভাৰত পেভিলিয়ন আছিল আছিয়ান-ভাৰত পৰ্যটন বৰ্ষ ২০২৫ৰ এক মূল আকৰ্ষণ। ১,৮০,০০০তকৈ অধিক দৰ্শকৰ উপস্থিতি আৰু প্ৰতিটো সংস্কৰণত ৩০০ মিলিয়ন আৰএমতকৈ অধিক ব্যৱসায়িক লেনদেনৰ সৈতে, MATTA Fairএ গন্তব্যস্থান প্ৰচাৰৰ বাবে দক্ষিণ-পূব এছিয়াৰ অন্যতম গতিশীল মঞ্চ হিচাপে কাম কৰে। এই বছৰ ভাৰতৰ প্ৰতিনিধিত্বত ভাৰতৰ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, যেনে - অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ছিকিম, মিজোৰাম, দিল্লী, গুজৰাট, কেৰালা, ৰাজস্থান, তামিলনাডু, জম্মু আৰু কাশ্মীৰ, আন্দামান অৰু  নিকোবৰ আদিৰ পৰা ৫০ জন প্ৰতিনিধিয়ে প্ৰত্যেকেই এক ঐক্যবদ্ধ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত আঞ্চলিক শক্তিৰ অৰিহণা যোগাইছে।

১৯ এপ্ৰিলৰ মুকলি সভাত আছিয়ান দেশৰ প্ৰতিনিধি, ভাৰতীয় পৰ্যটন বৰ্ড, ট্ৰেভেল অপাৰেটৰ, সাংস্কৃতিক গোট, চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে। ইণ্ডিয়া পেভিলিয়নত ইমাৰ্চিভ গন্তব্যস্থান প্ৰদৰ্শন, চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক উপস্থাপন, আৰু ট্যুৰ অপাৰেটৰৰ বাবে নিৰ্দিষ্ট বি টু বি জ’ন আছে। ইয়াত আধ্যাত্মিক পৰ্যটন, পৰিৱেশ পৰ্যটন, আৰু উত্তৰ-পূব ভাৰতৰ কম পৰিচিত ভ্ৰমণ চাৰ্কিটসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। 

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে যে, "এই মঞ্চই আমাক ভাৰতৰ সাংস্কৃতিক আৰু ভৌগোলিক সমৃদ্ধি বিশ্ব দৰ্শকৰ সন্মুখত উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰে। মাটা মেলাত আমাৰ উপস্থিতিয়ে আছিয়ান দেশসমূহৰ সৈতে পৰ্যটনৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত স্বকীয় সৌন্দৰ্য, ৱেলনেছ ৰিট্ৰিট আৰু নদী ক্ৰুজৰ পৰা আৰম্ভ কৰি বন্যপ্ৰাণীৰ অভিজ্ঞতা আৰু সম্প্ৰদায়ৰ নেতৃত্বত ভ্ৰমণৰ আৰ্হিলৈকে সকলো আছে। এইবাৰ আমি এই কম পৰিচিত ভ্ৰমণ চাৰ্কিটৰ কাহিনীসমূহক আগস্থানলৈ লৈ আহিছো।"

পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ
পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

 

অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক, আৰু অসম চৰকাৰৰ  আয়ুক্ত আৰু সচিব আই আৰ এছ,পদ্মপাণি বৰাই লগতে কয়, "এই ল্যাণ্ডমাৰ্ক ইভেণ্টত ভাৰতৰ অংশগ্ৰহণ কাৰ্যকৰী কৰি এ টি ডি চিয়ে গৌৰৱ অনুভৱ কৰিছে আৰু আমাক ৰূপায়ণকাৰী সংস্থা হিচাপে মনোনীত কৰাৰ বাবে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো । প্ৰদৰ্শনীৰ বাহিৰেও, এইটো এটা সম্পৰ্ক গঢ়ি তোলা, ধাৰণা বিনিময়, আৰু আঞ্চলিক পৰ্যটন অংশীদাৰসকলৰ বাবে বৃদ্ধিৰ নতুন চেনেল মুকলি কৰাৰ এক স্থান।”

মাটা মেলাত ভাৰতৰ অংশগ্ৰহণ বহল পৰ্যটন পেছাদাৰী বিনিময় কাৰ্যসূচী ২০২৫ৰ অংশ, যিটো ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত পৰ্যটনৰ ঘনিষ্ঠ সংযোগ গঢ়ি তোলাৰ বাবে ডিজাইন কৰা দুটা খণ্ডৰ পদক্ষেপ। প্ৰথম পৰ্যায়ত চলিত বৰ্ষৰ আৰম্ভণিতে আছিয়ান পৰ্যটন পেছাদাৰীসকলে অসমলৈ ক্ষেত্ৰ ভ্ৰমণ কৰিছিল। বৰ্তমান চলি থকা দ্বিতীয় পৰ্যায়ত ভাৰতীয় আৰু আছিয়ানৰ সমকক্ষসকলে যৌথ পৰ্যটন পদক্ষেপক প্ৰচাৰৰ বাবে একেলগে কাম কৰি মাটা মেলাত সহযোগিতামূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।

এই পদক্ষেপ লোৱা হৈছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাও পিডিআৰত অনুষ্ঠিত হোৱা ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত কৰা ঘোষণাৰ পিছতে, যত ২০২৫ চনক আছিয়ান-ভাৰত পৰ্যটন বছৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। এই সহযোগিতাৰ লক্ষ্য হৈছে পাৰস্পৰিক শিক্ষণক উৎসাহিত কৰা, বজাৰ-প্ৰাসংগিক পৰ্যটন সামগ্ৰী সৃষ্টি কৰা, আৰু সীমান্তৰ সিপাৰে বহনক্ষম ভ্ৰমণ পদ্ধতিক প্ৰসাৰ কৰা।

চলি থকা আছিয়ান-ভাৰত সহযোগিতাৰ সময়ত আলোচনা কৰা অন্যান্য মূল ক্ষেত্ৰসমূহৰ ভিতৰত আছে পৰ্যটন শিক্ষাৰ বাবে ভাগ-বতৰা কৰা সম্পদ, সাংস্কৃতিকভাৱে অৱগত প্ৰস্তাৱৰ বিকাশ, আৰু সংকটৰ যোগাযোগৰ কাঠামো বৃদ্ধি কৰাবহনক্ষম পৰ্যটনৰ বাবে একচন ৰোডমেপ প্ৰস্তুত কৰা। উল্লেখ্য যে ২০ এপ্ৰিললৈকে ৰাজহুৱা আৰু বাণিজ্যিক দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব ইণ্ডিয়া পেভিলিয়ন।   

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পবিত্ৰ মাৰ্ঘেৰিটা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা