/asomiyapratidin/media/media_files/2025/08/02/dddd-2025-08-02-11-53-20.jpg)
ডিজিটেল ডেস্কঃ দক্ষিণৰ চিনেমা জগতৰ পৰা আহিছে এটা বেয়া খবৰ। মালায়ালম অভিনেতা কালাভৱন নৱাছৰ মৃত্যুৰ খবৰে শোকস্তদ্ধ কৰিছে সকলোকে। ৫১বছৰীয়া এই অভিনেতাগৰাকীৰ মৃতদেহ শেহতীয়াকৈ উদ্ধাৰ হৈছে এখন হোটেলত।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, যোৱা শুকুৰবাৰে সন্ধিয়া হোটেলৰ কৰ্মচাৰীসকলে প্ৰত্যক্ষ কৰে অভিনেতাগৰাকীৰ মৃতদেহ। এখন বিশেষ চিনেমাৰ শ্বুটিঙৰ বাবে উক্ত হোটেলত কটাইছিল অভিনেতাগৰাকীয়ে।
আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কেৰালাৰ মুখ্যমন্ত্ৰীয়েও। অভিনয়ৰ উপৰিও মিমিক্ৰী, সংগীতৰ কামো কৰিছিল তেওঁ। অভিনেতাগৰাকীয়ে পত্নীৰ লগতে ৩সন্তানক এৰি থৈ যায় এই সংসাৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us