/asomiyapratidin/media/media_files/2025/07/01/dimoriya-1-2025-07-01-17-08-36.jpg)
ডিজিটেল সংবাদ ডিমৰীয়াঃ আজি ডমৰীয়াৰ ধোপগুৰিত অগণন লোকৰ সমাবেশেৰে অনুষ্ঠিত হয় মাল গোঁসাই পূজা উৎসৱ।মধ্যযুগৰ পৰাই ডিমৰীয়া ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত এইবাৰো উজ্বলিল ৰজা দিনীয়া পৰম্পৰাগত সংস্কৃতি।
উল্লেখ্য যে, মধ্যযুগৰ পৰা অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহৰে নিৰ্মাণ কৰা হয় এখন চাঙী। তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয়।
পাছত চাৰি জন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে। অঞ্চলটোৰ প্ৰতি ঘৰতে গৃহত প্ৰৱেশ কৰে চাঙী বহন কৰা লোকসকলে।
গৃহস্থই শ্ৰদ্ধা, ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ায় শৰাই-শলিতা। ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে প্ৰাণৱন্ত হৈ জীয়াই আছে ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ জৰিয়তে।
মাল গোঁসাই পূজাৰ ভেঁটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিছে ঐক্য আৰু সংস্কৃতিৰ মহামিলন। এসময়ত ৰজাই বহিঃ শত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ, বল বিক্ৰমৰ লগতে শষ্য-মৎস্যৰ শ্ৰীবৃদ্ধিৰ বাবে এই ঐতিহাসিক পূজা ভাগ অনুষ্ঠিত কৰিছিল।
সেই পৰম্পৰা ৰক্ষা কৰি আজিও ইয়াৰ খিলঞ্জীয়া ৰাইজে অনুষ্ঠিত কৰি আহিছে এই ঐতিহাসিক পূজা ভাগ।