/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2c9bbb3a-b233-4810-b79b-e37c3e59c3a6/bjp.jpg)
মুকলি কৰা কাৰ্যালয়টো
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ শাসকীয় বি জে পি দলৰ ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ তৎপৰতাত চৰকাৰী ভূমি বেদখল কৰি মাকুম মণ্ডল বি জে পিয়ে এটি নৱ-নিৰ্মিত কাৰ্যালয় মুকলি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হয় । এই অভিযোগ তুলিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি মৌচম বৰুৱাই ।
কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত যুৱ কংগ্ৰেছৰ উপ-সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, তিনিচুকীয়া জিলা প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি তথা ভূমি আইন উলংঘা কৰি মাকুম মণ্ডল বি জে পিয়ে চৰকাৰী ভূমিত কাৰ্যালয় নিৰ্মাণ কৰিছে। মাকুমৰ তৰুণ নগৰস্থিত সৎসঙ্গ বিহাৰলৈ যোৱা পথত নিৰ্মাণ কৰা কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা বুলিও তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মাৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্ম্মাৰ পদাংক অনুসৰণ কৰি ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে বন বিভাগৰ ভূমি বেদখল কৰি মণ্ডল বিজেপিৰ কাৰ্যালয়টো নিৰ্মাণ কৰে । শাসকীয় দলৰ বিধায়কৰ এনে অনৈতিক কৰ্ম-কাণ্ডই এটা কথাই প্ৰমাণিত কৰিছে যে সম্প্ৰতি অসমত আইন-শৃংখলা বোলা কোনো বস্তুৱেই নাই বুলিও তেওঁ বিবৃতিটোৰ জৰিয়তে আক্ষেপ প্ৰকাশ কৰে ।
তদুপৰি মুকলি কৰা কাৰ্যালয়টোত মাকুম পৌৰসভাৰ বিগত সময়ৰ সকলো চৰকাৰী আচবাব যেনে, প্ৰাক্তন সভানেত্ৰীৰ টেবুল, চকী আদি স্থানান্তৰ কৰা বুলিও বৰুৱাই অভিযোগ তোলে । মাকুম মণ্ডল বি জে পিয়ে বেদখল কৰা নিৰ্দিষ্ট মাটিডোখৰ বন বিভাগে বিদ্যুত বিভাগক ট্ৰেঞ্চফৰ্মাৰ বহুৱাবলৈ পাৰস্পৰিক বুজাবুজিত প্ৰদান কৰিছিল। সেই মাটিতে ট্ৰেঞ্চফৰ্মাৰটোৰ নিচেই কাষত কাৰ্যালয়টো নিৰ্মাণ কৰি এক বিপদজনক সম্ভাৱনীয়তা কঢ়িয়াই আনিছে মাকুম মণ্ডল বি জে পিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1fbc65fe-f86f-4392-b5a0-113c1b6fc855/bjp1.jpg)
অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আপোচ নকৰা তিনিচুকীয়া জিলা প্ৰশাসনে কেইমাহমানৰ পূৰ্বে স্থানীয় তথা ভূমিপুত্ৰ এগৰাকী যুৱকৰ 'দি আপুজ' নামৰ ৰেষ্টুৰেন্টখন সম্পূৰ্ণৰূপে ভাঙি চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল । তেনেস্থলত চৰকাৰী ভূমি বেদখলেৰে মাকুম মণ্ডল বি জে পিয়ে অবৈধভাৱে নিৰ্মাণ কৰা কাৰ্যালয়টো উচ্ছেদ কৰিবলৈ প্ৰশাসনে সাহস দেখুৱাবনে বুলি তেওঁ উল্লেখ কৰাৰ লগতে নে চকু মুদা কুলিৰ ভাও ধৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ।
যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে অনতিবিলম্বে কাৰ্যালয়টো উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ ভূমি আৰু ৰাজহ বিভাগক দাবী জনায় । লগতে আইন উলংঘাকাৰী তথা ভূমি বেদখলকাৰী বিধায়ক সুৰেণ ফুকনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক দাবী জনায় ।