Advertisment

মহাকুম্ভ মেলাৰ প্ৰভাৱঃ বিশ্বব্যাপী প্ৰসাৰ লাভ মেক ইন ইণ্ডিয়াৰ

মহাকুম্ভ মেলাত ৬,০০০ বৰ্গমিটাৰত বিস্তৃত ' এক জিলা এক সামগ্ৰী ' (ODOP) ৰ এক বৃহৎ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে মুখপাত্ৰগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
cbv

ডিজিটেল ডেস্কঃ  সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত আয়োজিত মহাকুম্ভ মেলাই। শীৰ্ষ ভাৰতীয় কোম্পানীসমূহে মহাকুম্ভৰ বিপণনত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিছে।

Advertisment

এই পদক্ষেপে স্থানীয় সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰিব লগতে 'মেক ইন ইণ্ডিয়া' আৰু 'ভ'কেল ফৰ লোকেল' দৃষ্টিভংগীক আগুৱাই নিয়াত সহায় কৰিব। ক্ৰমাৎ বিশ্বব্যাপী ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধি পাব বুলি এগৰাকী চৰকাৰী মুখপাত্ৰই জানিব দিয়ে।

মহাকুম্ভ মেলাত ৬,০০০ বৰ্গমিটাৰত বিস্তৃত ' এক জিলা এক সামগ্ৰী ' (ODOP) ৰ এক বৃহৎ প্ৰদৰ্শনী অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰিছে মুখপাত্ৰগৰাকীয়ে। তেওঁ লগতে কয় যে, ইয়াত বহুতো জি আই প্ৰমাণিত সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। যিয়ে উত্তৰ প্ৰদেশৰ চহকী সংস্কৃতি আৰু ভৌগোলিক ঐতিহ্যক সকলোৰে আগত দাঙি ধৰিছে।

তেওঁ লগতে কয়, পৰ্যটক তথা ভক্ত সকলে একেটা স্থানতে সমগ্ৰ উত্তৰ প্ৰদেশ পৰিদৰ্শন সুযোগ পাব। যেনে কাশীৰ আইকনিক শীতল পানীয়, লালপেডা আৰু বানাৰসী শাড়ীৰ পৰা আৰম্ভ কৰি গোৰখপুৰৰ টেৰাকোটা, মিৰ্জাপুৰৰ পিতলৰ বাচন-বৰ্তন, প্ৰতাপগড়ৰ আমলাৰ সামগ্ৰী ইয়াত উপলব্ধ।

এই অনন্য সৃষ্টিৰাজীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। লগে লগে সমগ্ৰীসমূহৰ চাহিদা বৃদ্ধি পাইছে। এমএছএমই বিভাগে মহাকুম্ভ মেলাৰ সময়ছোৱাত প্ৰায় ৩৫ কোটি টকাৰ ব্যৱসায়িক লেনদেন কৰা বুলি জানিব পৰা গৈছে।

যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে ২০১৮ চনত ইউপিক গ্ল’বেল ব্ৰেণ্ড হিচাপে স্থান দিয়া অ’ডিঅ’পি আঁচনিয়ে এই পৰিবৰ্তনক আগুৱাই লৈ গৈছে। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সিদ্ধাৰ্থ নগৰৰ কলা নামক চাউল, গোৰখপুৰৰ টেৰাকোটা শিল্প, কুশীনগৰৰ কলেৰে বনোৱা সামগ্ৰী আৰু মুজাফ্ফৰ নগৰৰ গুড়ৰ দৰে সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে মুখপাত্ৰগৰাকীয়ে।

মহাকুম্ভ মেলা