হিন্দুস্তান এৰ’নটিক্স লিমিটেডে প্ৰস্তুত কৰিব তেজছ মাৰ্ক-১

ভাৰতৰ যুদ্ধ বিমান তেজছ মাৰ্ক-১ৰ উৎপাদনৰ দায়িত্ব হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ হাতত অৰ্পন কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বই

author-image
Asomiya Pratidin
New Update
jooooo

ডিজিটেল ডেস্কঃ ভাৰতৰ যুদ্ধ বিমান উৎপাদনৰ দায়িত্ব হিন্দুস্তান এৰনটিক্স লিমিটেডৰ হাতত অৰ্পন কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে, ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বই ভাৰতক প্ৰতিৰক্ষা দিশক আৰু অধিক শক্তিশালী কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ প্ৰতিৰক্ষা দিশত যথেষ্ট কাম কৰি আছে হিন্দুস্তান এৰনটিক্স লিমিটেডে।

Advertisment

দেওবাৰে বেংগালুৰুত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে,  প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল দিশত ভাৰতৰ অগ্ৰগতি আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বৃদ্ধিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ সাক্ষ্য । শেহতীয়া মঞ্চ আৰু প্ৰযুক্তিৰে সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত এইচ এ এল আৰু ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

 আই এ এফৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বাল এ পি সিঙৰ উপস্থিতিত সিঙে লগতে কয়- এইচ এ এলে ইয়াৰ সংহত মডেল আৰু কৌশলৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাক শক্তিশালী কৰাই নহয়, ভাৰতীয় প্ৰতিৰক্ষা উৎপাদনত নতুন মাত্ৰাও যোগ কৰিছে।  

ভাৰত