স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপঃ এম্বুলেঞ্চ নাই ! দুদিনৰ ভিতৰত মাজুলীত ২ জনে দিলে প্ৰাণ...

author-image
Asomiya Pratidin
New Update
স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপঃ এম্বুলেঞ্চ নাই ! দুদিনৰ ভিতৰত মাজুলীত ২ জনে দিলে প্ৰাণ...

majuli

ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্বহীনতা পুনৰবাৰ উন্মোচিত হ'ল মাজুলীত। এজনৰ পিছত আন এজন লোকে উপযুক্ত চিকিৎসা আৰু স্বাস্থ্যৰ সুবিধা লাভ নকৰাকৈ মৃত্যু মুখত পৰাৰ ঘটনা এটাৰ পিছত এটাকৈ পোহৰলৈ অহাৰ পিছতো গা লৰা নাই স্বাস্থ্য বিভাগৰ।

Advertisment

সৌ সিদিনা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাই মাজুলীৰ স্বাস্থ্যখণ্ডৰ পয়ালগা স্বৰূপটো উদঙাই দিয়াৰ পিছতে পুনৰ দুজনকৈ লোকে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই স্বাস্থ্য বিভাগৰ চৰম দায়িত্বহীনতাক উন্মোচন কৰাই নহয়, মাজুলীৰ প্ৰতি চৰকাৰৰ গুৰুত্বহীনতাকে প্ৰমাণ কৰিলে।

২১ অক্টোবৰ শুকুৰবাৰে মাজুলীৰ মাজাগাঁৱৰ হলিৰাম শইকীয়া নামৰ ৫২ বছৰীয়া লোকজন অসুস্থ হৈ পৰাত তেওঁক গড়মূৰস্থিত শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী ৰাজ্যিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিবলৈ ১০৮ সেৱালৈ ফোন কৰে যদিও ১০৮ সেৱাৰ পৰা লাভ নকৰে কোনো সহাৰি।

উপায়ন্তৰ হৈ দীৰ্ঘ সময়ৰ পিছত পিছত হলিৰাম শইকীয়াক ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত উপস্থিত হোৱাত পলম হোৱাৰ বাবেই তেওঁৰ মৃত্যু হয়। হলিৰাম শইকীয়াৰ মৃত্যুৰ পিছতে এতিয়া মাজুলীৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উন্মোচিত হোৱাই নহয়, মাজুলীৰ লোকসকলৰ স্বাস্থ্যৰ দিশটোক লৈ কিমান চিন্তিত সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখ্য যে তেজস্বীতাৰ মৃত্যুৰ দুটা সুপ্তাহ নহওতেই যোৱা ১৯ অক্টোবৰত আন এগৰাকী যুৱকো আই চি ইউ টেকনিচিয়ান নথকাৰ বাবেই মৃত্যু হ'বলগীয়া হৈছিল। আদিত্য পায়েং নামৰ এই যুৱকজনৰ মৃত্যুৰ পিছতো ১০৮ এম্বুলেঞ্চক বাৰে বাৰে ফোন কৰিও সহাৰি নোপোৱাৰ কথা পোহৰলৈ আহিছিল।

উল্লেখ্য যে, তেজস্বীতাৰ মৃত্যুৰ পিছতে তৎকালীন ভাৱে ৰাজ্যৰ স্বাস্থ্য বিভাগে মাুজলীলৈ প্ৰেৰণ কৰিছিল ৩ খন ১০৮ এম্বুলেঞ্চ। তৎস্বত্বেও মাজুলীত মাত্ৰ এটা দুদিনৰ ভিতৰত দুজনকৈ লোক এম্বুলেঞ্চলৰ অভাৱত মৃত্যু হ'বলগীয়া বিষয়টোৱে হতচকিত কৰি তুলিছে সৰ্বস্তৰৰ লোককে।

majuli