/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/db78w5nk/eded.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ অসমৰ অন্যতম জাতীয় সংগঠন অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থৰ প্ৰথম ত্ৰি-বাৰ্ষিক পূৰ্ণাঙ্গ মাজুলী অধিৱেশনখন আজি সমাপন হয়। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচ শতাধিক সতী ৰাধিকা মহিলা তীৰ্থৰ সদস্যাই অংশগ্ৰহণ কৰি পূৱ মাজুলী অঞ্চল মুখৰিত কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/5wr279bk/504b0167-2200-4f5a-a5ed-48a5660cec78.jpg)
উক্ত অধিৱেশন উপলক্ষে কালি অনুষ্ঠিত হোৱা বৃহৎ প্ৰতিনিধি সভাত ড০ অৰুন্ধতী মহন্তক সভানেত্ৰী, স্বৰ্ণলতা পেগুক কাৰ্যকৰী সভানেত্ৰী আৰু জ্যোৎস্না পেগু দলেক সম্পাদিকা হিচাপে লৈ ১৩খন জিলাৰ ৩৫জনীয়া সদস্যৰে অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থৰ ৰাজ্যিক নতুন সমিতি গঠন কৰা হয়। উক্ত প্ৰতিনিধি সভাত পৰ্যবেক্ষক হিচাপে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত আৰু মুখপাত্ৰ তাৰানাথ মহন্তয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/0tyc3oo1/bc0af106-d8e8-4bb6-beef-3c3af9a949db.jpg)
উক্ত, অধিৱেশন উপলক্ষে আজি দুপৰীয়া পূৱ মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহৎ মুকলি সভা অনুষ্ঠিত হয়। মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা উক্ত সভাত তিনিচুকীয়া ডুমডুমাৰ "খেৰী নাম"ৰ দলে " খেৰী নাম" নলবাৰীৰ শিল্পী বিনু দেৱীৰ বাঁহী বাদনে মুকলি সভা আৰম্ভ কৰা হয়। নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ড০ ভীষ্ম দুৰ্লভ মহন্তই উদ্বোধন কৰা উক্ত মুকলি সভাত সভানেত্ৰীৰ আসন অলংকৃত কৰে অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থ- অসমৰ সভানেত্ৰী ড০ অৰুন্ধতী মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/oppkdz09/586bfee2-498c-4d14-b070-7ba121a47cbd.jpg)
সভাত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই। উক্ত, মুকলি সভাত সতী ৰাধিকা মহিলা তীৰ্থৰ তৰফৰ পৰা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভানেত্ৰী, তথা সফল মাতৃ বিশিষ্ট লেখিকা মৃণালিনী দেৱীক "মনস্বিতা অঙ্গনা" আৰু সম্পাদক কুসুম কুমাৰ মহন্তক "কৰ্ম ভূষণ" উপাধি প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/xav7pnp6/25ff53c9-4b4f-4860-a159-6ef781f541c7.jpg)
অনুষ্ঠানত অধিৱেশনৰ কৃষ্ণা মেধিৰ সম্পাদিত আলোচনী "সতী ৰাধিকা" উন্মোচন কৰে মাজুলী জিলা সত্ৰ মহাসভাৰ সভাপতি সত্যজিত মহন্তই। অনুষ্ঠানত আন এখন ৰেণু মহন্তই সম্পাদনা গ্ৰন্থ "নাৰী শৌৰ্য সংস্কৃতি ইত্যাদি" গ্ৰন্থ উন্মোচন কৰে অসম সত্ৰ মহাসভাৰ দক্ষিণ পূব মণ্ডলৰ উপ সভাপতি বীৰেন মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/2gqg09om/504b0167-2200-4f5a-a5ed-48a5660cec78.jpg)
বিশিষ্ট অতিথি হিচাপে অসম সত্ৰ মহাসভাৰ মুখপাত্ৰ তাৰানাথ মহন্ত, অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীৰ্থৰ ৰেণু মহন্ত, ভাৰপ্ৰাপ্ত সম্পাদিকা ড০ বৈজয়ন্তী গোস্বামী, বিশিষ্ট লেখক,গৱেষক দিগন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী , অসম সত্ৰ মহাসভাৰ দক্ষিণ পূব মণ্ডলৰ উপ সভাপতি বীৰেন মহন্ত- সম্পাদক অখিল কুমাৰ মহন্ত, লখিমপুৰ জিলা সত্ৰ মহাসভাৰ সম্পাদক জগত মহন্ত, যুৱ নেতা,যুৱ সংগঠক বিতোপন দলে, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি মিনতি শইকীয়া, মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰতি বৰা আদিয়ে অংশগ্ৰহণ কৰে।
উদযাপন সমিতিৰ সভানেত্ৰী প্ৰণতি ওজা হাটীমতাই আদৰণী ভাষণ দিয়া মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ এঘাৰ গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অসমৰ উদীয়মান লেখিকা আশ্ৰবিকা বৰাক তেওঁৰ উপন্যাস " নয়নতৰাৰ পৃথিৱী ''ৰ বাবে অচিন্ত্য নাৰায়ণ হিৰণ্য প্ৰভা সোঁৱৰণী সাহিত্য বঁটা -২০২৩ প্ৰদান কৰা হয়। এই বটাঁ ড০ অৰুন্ধতী মহন্ত আৰু তেওঁৰ পৰিয়াল বৰ্গই প্ৰদান কৰে। । উক্ত মুকলি অনুষ্ঠানত শলাগ জ্ঞাপন কৰে অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সম্পাদিকা ড০ বৈজয়ন্তী গোস্বামীয়ে।