মাজুলীত ৫ গৰাকী বৰেণ্য ব্যক্তিক আপকুৰ সম্বৰ্ধনা

অতিকৈ সাদৰৰ ব'হাগ বিহুৰ দিনটোত নিজৰ পৰিয়াল-পৰিজন ,আনন্দ-উৎসৱ এৰি নিস্তাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী কনিষ্টবল অবিনাস দাসক সম্বৰ্ধনা জনায়।

author-image
Asomiya Pratidin
New Update
sff

ডিজিটেল সংবাদ,মাজুলীঃ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে মাজুলী জিলা আপকুৱে। পহিলা ব'হাগৰ দিনাই মাজুলী জিলা আপকুৱে ৫ গৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনায়। অতিকৈ সাদৰৰ ব'হাগ বিহুৰ দিনটোত নিজৰ পৰিয়াল-পৰিজন,আনন্দ-উৎসৱ এৰি নিস্তাৰে কৰ্তব্য পালন কৰি থকা যান-বাহন আৰক্ষী কনিষ্টবল অবিনাস দাসক সম্বৰ্ধনা জনায়।

Advertisment

c

জৰুৰীকালীন চিকিৎসা সেৱাত বৰ্তি থকা জ্যেষ্ঠ চিকিৎসক ডাঃ মানিক মিলিকো সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী প্ৰভুকো আপকুৰ মাজুলী জিলা সভাপতি ৰঞ্জন বৰা সম্পাদক তীৰ্থ ভূঞাৰ কেন্দ্ৰীয় সদস্য জ্যোতিষ তামুলী সহ কেইবাজনো সদস্য উপস্থিত হৈ সম্বৰ্ধনা জনায়।

gfdf

প্ৰবীন সাংবাদিক বিপিন শইকীয়াৰ লগতে ৮১ বছৰ বয়সতো তাত শালত গুৰু আৱৰন বস্ত্ৰৰ লগতে বিভিন্ন কাপোৰ বোৱা সুনিপুন শিপিনী মাকন ভূঞাক সম্বৰ্ধনা জনায়।

gg

মাজুলী