এক প্ৰতিভা অকালতে হেৰাই গ'ল!তেজস্বীতাৰ মৃত্যুত শোকস্তব্ধ মাজুলীবাসী

গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।

author-image
Asomiya Pratidin
New Update
ন্যায় পাবনে! অৱশেষত তেজস্বীতাৰ হৈ সাক্ষ্য দিলে দল-সংগঠনে

tejaswita

ডিজিটেল সংবাদ, কমলাবাৰী: গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে। তেজস্বীতাৰ মৃত্য়ুত শোকস্তব্দ হৈ পৰিছে মাজুলীবাসী।

Advertisment

আজি গাৱঁৰ নামঘৰত দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি কণ কণ শিশু শিল্পী সকলৰ প্ৰতিভা বিকাশৰ বাবে আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত বৰগীত পৰিবেশন কৰিবলৈ যোৱা তেজশ্বিতা হঠাৎ অসুস্থ হৈ পৰাত নামঘৰৰ পৰা গাৱঁৰ যুৱক আৰু পৰিয়ালৰ ততাতোয়াকৈগড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও সজ্ঞা ঘূৰি নাহি মৃত্যু হয়।

কোনো ধৰণৰ ৰোগ আদিত আক্ৰান্ত হৈ নথকা শিল্পী গৰাকী হঠাৎ হৃদ যন্ত্ৰ বন্ধ হৈ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।আজি পুৱা গাৱঁৰ জন্মোৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিয়লি সাংস্কৃতিক অনুষ্ঠান ত বৰগীত পৰিবেশ নৰ বাবে সাজি কাচি প্ৰস্তুত হোৱা তেজশ্বিতাৰ আকস্মিক মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই মাজুলী বাসীয়ে।

মৃত্যুৰ খবৰ বিয়পি লাভ কৰাৰ পিছত নিশাৰ ভাওনাকে জন্মোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰে গাঁৱবাসীয়ে।তিনি বছৰ বয়সৰ পৰা গীত পৰিৱেশনৰ জৰিয়তে জনতাৰ হৃদয় জয় কৰি অহা তেজশ্বিতাই সকলো টেলিভিশ্বনত আৰু মাজুলীৰ সাংস্কৃতিক অনুষ্ঠানসমূহত গীত,নৃত্য পৰিবেশ ন কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিছিল।

ঘৰতে সংগীত ষ্টুডিঅ নিৰ্মাণ কৰি সামাজিক মাধ্যমত নিজৰ গীত প্ৰচাৰ কৰা তেজশ্বিতাৰ পিতৃয়ে চাৰিদিনৰ পূৰ্বে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ সুবিধা হোৱাকৈ এখন চাৰিচকীয়া বাহন ক্ৰয় কৰি দিছিল। তীক্ষ্ণ মেধা সম্পন্ন, মাজুলী আইলেন্ড একাডেমী ৰ নৱম শ্ৰেণীৰ ছাত্ৰী তেজশ্বিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয় আৰু বাসগৃহত হাজাৰ হাজাৰ গুণমুগ্ধ উপস্থিত হৈ শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দৰিয়া গাঁৱৰ নিবাসী বাবুল বৰুৱা, নিলাক্ষী বৰুৱাৰ একমাত্ৰ কণ্যা তেজশ্বিতাৰ মৃত্যুত দৰিয়া গাঁও,পৰিচালনা সমিতি, মহিলা সমিতি, যুৱক সংঘ,কমলাবাৰী ব্যৱসায় সন্থা, মাজুলী জিলা ছাত্র সন্থা, সাহিত্য সভা, যুৱ ছাত্ৰ পৰিষদ, সাংবাদিক সন্থা, জিলা মইনা পাৰিজাত,কোচ ৰাজবংশী ছাত্র সন্থা, মিলন সংঘ,সন্মিলিত শিল্পী সমাজ,মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়, সাধনা সংগীত বিদ্যালয়, আইলেন্ড একাডেমী, মাজুলী মহাবিদ্যালয়, ১নং কমলাবাৰী প্ৰাথমিক বিদ্যালয় ,উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱৰ কৃষ্টি সংঘ আদি য়ে গভীৰ শোক প্ৰকাশ কৰিছে।দীপু বৰা,মেইলত ফটো আছে।

assam majuli dead