অহংকাৰ আৰু কেলেংকাৰীৰ বাবে চকী এৰিব লাগিব মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈ

মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানী এজেন্ট সজাবলৈ চেষ্টা কৰিছে,

author-image
Asomiya Pratidin
New Update
tyrr

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানী এজেন্ট সজাবলৈ চেষ্টা কৰিছে, কিন্তু যদি মোক এজেন্ট বুলি যদি প্ৰমাণ কৰিব নোৱাৰে তেওঁ চকী এৰিবনে নেৰে?  আমি আৰু বেছিদিন ৰ'ব নালাগে। অহা বছৰত মুখ্যমন্ত্রীয়ে চকী এৰিব লাগিব।

সাংসদগৰাকীয়ে লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেঁওলোকৰ বিফলতাৰ বাবে, অহংকাৰৰ বাবে, কেলেংকাৰীৰ বাবে চকী এৰিব লাগিব। মাজুলীত নতুন মডেল দেখিছো যে ৰাজহুৱা মাটি নিজৰ নামত কেনেকে কৰিব পাৰো সেয়া বিজেপি মন্ত্ৰী, বিধায়কে ৰাইজৰ মাটি নিজৰ নামত কৰি কৃষকসকলক আতঁৰাই ৰাখিছে। বিজেপি চৰকাৰ মাটিৰ প্ৰতি ইমান লুভীয়া হৈছে যে ৰাইজে অহা বছৰ এইখন চৰকাৰক বিদায় দিব।

বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি তেওঁ লগতে কয়,  অসমৰ জনসাধাৰণ চিন্তিত মুল্যবৃদ্ধিক লৈ, নতুন প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্তি, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ড্ৰাগছৰ ভয়াবহ সমস্যা বৃদ্ধি পাইছে। মাজুলীৰ খহনীয়া সম্পৰ্কত ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু জলসম্পদ বিভাগৰ মাজত বুজাবুজিৰ অভাব, তেওঁলোকে ঠিকা দিয়ে বাহিৰৰ মানুহক যি ভালকৈ কাম নকৰে। 

গৌৰৱ গগৈ