মাজুলী মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ অধ্যাপক পদৰ নিযুক্তিত কেলেংকাৰীঃ ন্যায়ালয়ৰ জাননী

মাজুলী মহাবিদ্যালয়ত ২০২১ বৰ্ষত হোৱা ভূগোল বিষয়ৰ সহকাৰী অধ্যাপক পদৰ নিযুক্তিত বৃহৎ কেলেংকাৰীৰ অভিযোগ দাখিল হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। তথ্য বিচাৰি জাননী ন্যায়ালয়ৰ।

author-image
Asomiya Pratidin
New Update
মাজুলী মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ অধ্যাপক পদৰ নিযুক্তিত কেলেংকাৰিঃউচ্চতম ন্যায়ালয়ৰ জাননী

ডিজিটেল সংবাদ মাজুলীঃ বহুতো স্বনামধন্য ব্যক্তিৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত নদী দ্বীপৰ বুকুত প্ৰথম গছি উচ্চ শিক্ষানুষ্ঠানৰ বন্তি প্ৰজ্বলিত হৈছিল। ১৯৬২ চনৰ মহাপ্লাৱনৰ জটিল আৰু আহুকলীয়া সময়ত প্রতিষ্ঠা কৰা মাজুলী মহাবিদ্যালয় মাজুলীবাসীৰ বাবে এক গৌৰৱ। 

বহুকেইজন স্বনামধন্য ব্যাক্তিৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত প্রতিষ্ঠা কৰা মহাবিদ্যালয়খনত বিভিন্ন সময়ত উত্থাপন হোৱা নিযুক্তি কেলেংকাৰীয়ে মহাবিদ্যালয়ৰ পৰিয়ালৰ লগতে শুভাকাংক্ষী প্ৰাক্তন ছাত্র-ছাত্ৰী, অভিভাৱক সকলোকে মনোকষ্ট দিয়ে। শেহতীয়াকৈ ২০২১ বৰ্ষৰএক নিযুক্তি প্রক্রিয়াকলৈ অভিযোগ উত্থাপন হৈছে।

মাজুলী মহাবিদ্যালয়ৰ ভূগোল বিষয়ৰ সহকাৰী অধ্যাপক পদৰ নিযুক্তিত বৃহৎ কেলেংকাৰীৰ অভিযোগ দাখিল হৈছে উচ্চ ন্যায়ালয়ত। জানিব পৰা মতে, জনৈক ৰিটেশ প্রসাদ নামৰ এজন প্রার্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আবেদন যোগে (গোচৰ নং WP(C) 3039/2021) উক্ত বাছনি প্রক্রিয়াক প্রত্যাহ্বান জনাইছে।

অভিযোগ কৰা অনুসৰি, সম্পূর্ণ বেআইনীভাবে জনৈক আচার্য মোহন দাস নামৰ এগৰাকী লোকক মহাবিদ্যালয়খনত স্বজন-তোষণৰে নিযুক্তি দিয়া হৈছে বুলি অভিযোগ উঠিছে। বাছনি পৰীক্ষাত নিয়ম বহির্ভূতভাবে অত্যাধিক নম্বৰ দিয়াক লৈ দাখিল কৰা হৈছে অভিযোগ।

জানিব পৰা মতে, এই বিষয়ত উচ্চ ন্যায়ালয়ে ২৮ মে'ত মাজুলী মহাবিদ্যালয়লৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি, বাছনি সমিতি, মহাবিদ্যালয়ৰ অধ্যক্ষ, উচ্চ শিক্ষা সঞ্চালকালয় আৰু আচার্য মোহন দাসৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগৰ এতিয়ালৈকে মহাবিদ্যালয় কর্তৃপক্ষৰ লগতে কোনো পক্ষই কোনো সুদুত্তৰ দিয়া নাই।

২০২০ চনৰ অক্টোবৰত ভূগোল বিষয়ৰ সহকাৰী অধ্যাপকৰ পদৰ বিজ্ঞাপন হৈছিল আৰু নিযুক্তিত ব্যাপক খেলিমেলি হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। সচেতন মহলত উক্ত ঘটনাই বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগে শৈক্ষিক মহলতো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয় মাজুলী মহাবিদ্যালয়