ইটা ভাটাৰ বিষাক্ত ধোৱাই ভাবুকি কঢ়িয়াইছে মাজুলীলৈ

মাজুলীৰ গড়মূৰ সত্ৰৰ ওচৰৰ এলেংগী গাঁৱৰ ওচৰত স্থাপন কৰা KHI Brick Industry চলি থকাৰ মাজতে চৰকাৰী নীতি নিয়ম নামানি অৰূপ মিশ্ৰ বাহিনীয়ে মাত্ৰ ১৫০ মিটাৰ দূৰত্বত মাজুলী Brick Industry স্থাপন কৰিবলৈ অনুমতি দিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ুপপপ

ডিজিটেল সংবাদ,গুৱাহাটীঃ  ৰাজ্যৰ বিভিন্ন স্থানত কাঠফুলাৰ দৰে গঢ়ি উঠা ইটা ভাটা সমূহে জনজীৱন আৰু পৰিৱেশলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইটা ভাটা সমূহ স্থাপন কৰিব বাবে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা মানি চলিব লাগে যদিও এই দিশটোক তদাৰক কৰা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এনে নিয়ম ভংগ কৰি ইটা ভাটা স্থাপনৰ সেউজ সংকেত প্ৰদান কৰি আহিছে।

Advertisment

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মাজুলীও ইটা ভাটাৰ বাবে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নীতি নিয়ম উলংঘা কৰি ইটা ভাটা স্থাপনৰ অনুমতি দিছে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড,অসমৰ সদস‍্য সচিৱ গকুল ভূঞাই। ভাৰত চৰকাৰৰ জিগ জাগ ন'টিফিকেশ্বন,২০২২ অনুসৰি দুটা ভাটাৰ মাজত নূন্যতম ১ কিলোমিটাৰ দূৰত্ব থাকিব লাগে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড, অসমে ইটা ভাটা স্থাপনৰ অনুমতি প্ৰদান কৰোতে বিশেষভাৱে এই নিয়ম মানি চলিব লাগে। কিন্তু পৰিষদৰ অধ‍্যক্ষ আৰু সদস‍্য সচিবে লাখ লাখ টকাৰ বিনিময়ত জধে-মধে ওচৰা ওচৰিকৈ ইটা ভাটা স্থাপনৰ অনুমতি দি বিশ্ব ঐতিহ্যক্ষেত্ৰ মাজুলীলৈ বিপদ কঢ়িয়াই আনিছে।

মাজুলী এতিয়া ইয়াৰ বাবে ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত পৰিছে। মাজুলীৰ গড়মূৰ সত্ৰৰ ওচৰৰ এলেংগী গাঁৱৰ ওচৰত স্থাপন কৰা KHI Brick Industry চলি থকাৰ মাজতে চৰকাৰী নীতি নিয়ম নামানি মাত্ৰ ১৫০ মিটাৰ দূৰত্বত মাজুলী Brick Industry স্থাপন কৰিবলৈ অনুমতি দিছে।

যাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে। জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু সাংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীত এনেদৰে স্থাপন কৰা এই দুয়োটা ইটা ভাটাই ভাঙি দিবলৈ ৰাইজে দাবী জনাইছে। পৰ্যটকৰ আকৰ্ষণৰ স্থল মাজুলীত থকা আন অবৈধ ইটা ভাটাৰ বিৰুদ্ধেও ব্যৱস্থা ল'বলৈ দাবী তুলিছে মাজুলীবাসীয়ে।

এই ক্ষেত্ৰত নিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য সচিব গৰাকীৰ লগতে এনেদৰে ইটা ভাটাৰ অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰকাশ কুমাৰ সিঙৰ ভূমিকা লক্ষ্যণীয়। 

ইটা ভাটা