সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব আম আদমি পাৰ্টী, অগ্নি পৰীক্ষা কেজৰিৱালৰ বাবে…

সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব আম আদমি পাৰ্টী, অগ্নি পৰীক্ষা কেজৰিৱালৰ বাবে…

author-image
asomiyapratidin
New Update
সংখ্যাগৰিষ্ঠতাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব আম আদমি পাৰ্টী, অগ্নি পৰীক্ষা কেজৰিৱালৰ বাবে…

ডিজিটেল ডেস্ক : আজি সদনত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ পৰীক্ষাত অৱতীৰ্ণ হ'ব আম আদমি পাৰ্টী, বিধায়ক কিনা বেচাৰ যুজখন অন্ত পেলোৱাৰ আনুষ্ঠানিক চেষ্টা চলোৱা হ'ব সদনত । বিগত দিন কেইটাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ সোহাত স্বৰূপ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়ালৈ ইডিয়ে চমন জাৰি কৰাৰ পাছতেই আম আদমি পাৰ্টীৰ কেইবাজনো বিধায়কক দিল্লীৰ চৰকাৰ ভংগ কৰাবলৈ বিজেপিয়ে ২০ কোটিকৈ টকাত ক্ৰয় কৰিবলৈ প্ৰস্তাৱ দিয়া বুলি অভিযোগ উত্থাপন কৰাৰ পাছতেই সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

Advertisment

তেনে সময়তে দলীয় নেতা-কৰ্মীৰ আনুগত্য পৰীক্ষাৰ যুজঁত নামিব কেজৰিৱাল । সৰ্বমুঠ ৪০ জন বিধায়কলৈ ২০ কোটি টকীয়া প্ৰস্তাৱ আগবঢ়োৱা হৈছিল কেজৰিৱালৰ ভাষ্য অনুসৰি । ইয়াৰ ওপৰিও মনীষ চিচোদিয়ালৈও বিজেপিত যোগদান কৰিলে সকলো গোচৰ খাৰিজ কৰাৰ প্ৰস্তাৱ আহিছিল বুলি অভিযোগ কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, যোৱাটো সপ্তাহত দলৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৰাজঘাটৰ মহাত্মা গান্ধী স্মৃতিশৌধত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৬২ গৰাকী বিধায়কৰ সৈতে উপস্থিত আছিল কেজৰিৱাল ।

আৰু পঢ়ক : বৰপেটাৰ জমিউল হুদা একাডেমী উচ্ছেদ প্ৰশাসনৰ…

bjp arvind kejriwal aam aadmi party manish sisodiya