/asomiyapratidin/media/media_files/2025/07/04/311-2025-07-04-23-09-14.jpg)
ডিজিটেল সংবাদ, শিলচৰ : হিংসা জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে। মণিপুৰ আৰক্ষী, অসম ৰাইফলছ, সেনা বাহিনীসহ মণিপুৰত মোতায়েন কৰা কেবাটাও নিৰাপত্তা বাহিনীয়ে চলোৱা যুটীয়া অভিযানত জব্দ কৰিছে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, অসংখ্য গুলি আৰু বিস্ফোৰক সামগ্ৰী।
মণিপুৰ আৰক্ষীৰ শীৰ্ষ সুত্ৰই সদৰী কৰা অনুসৰি ৰাজ্যখনৰ টেংনৌপাল, কাংপকপি, চাণ্ডেল আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিছে এই অবৈধ মাৰণাস্ত্ৰ গুলি আৰু বিষ্ফোৰক সামগ্ৰীসমূহ। অভিযান কালত ২১ টা ইনছাছ ৰাইফল, ১১ টা একে ছিৰিজৰ ৰাইফল,২৬ টা এছ এল আৰ জব্দ কৰা হৈছে।
একেদৰে ৩ টা কাৰ্বাইন, স্নিপাৰ ২টা, মৰ্টাৰ ২টা, Pt 303 ১৭ টা, M 79 লঞ্চাৰ ৩টা, ছিংগল শ্বট ব্ৰীছ লোডেড ১৮ টা, পিষ্টল ৬টা চিংগল ব'ৰ ২৫ টাসহ বিভিন্ন ধৰণৰ মুঠ ২০৩ টা মাৰণাস্ত্ৰ জব্দ কৰা হয়। মাৰণাস্ত্ৰৰ লগতে 7.62 এম এম পিষ্টলৰ ৮০ টা,5.56 এম এম ৰ ২৯ টা আই ই ডিৰ ৩০ৰ গ্ৰেণেড ১০টাসহ বুজণ পৰিমাণৰ গুলি আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে ।