/asomiyapratidin/media/media_files/2025/06/17/wxk8PVSUke5YGfUSL8Yn.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ "ৰাজনীতিৰ ঊৰ্ধত থাকি যেতিয়া এটা ভাল কাম হয়, তেতিয়া সকলো আনন্দিত হয়, ৰাজ্যবাসী আনন্দিত হয়। আজি তেনে এটা দিন। ৰাজ্যবাসীৰ বাবে আনন্দৰ দিন। অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ মৈদামত হ’ব এক বৃহৎ প্ৰকল্প। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চ্যুকাফাৰ মৈদামত বৃহৎ প্ৰকল্প স্থাপনৰে আহোমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ পুনৰ উদ্ধাৰৰ ব্যৱস্থা কৰিছে।" - এই মন্তব্য টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোঁহাইৰ।
মঙলবাৰে চাওলুং চ্যুকাফাৰ মৈদামস্থলীত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকী উপস্থিত হৈ ৰাজ্যবাসীক এই ভাল খবৰটোৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে। অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চ্যুকাফাৰ মৈদামটো আজি বেদখলৰ কবলত বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে ইয়াৰ কাষতে থকা কেবাটাও দৌল, দেওশাল বেদখলৰ কবলত পৰা বুলি উল্লেখ কৰে। এই বেদখলৰ বিষয়টো যেতিয়া টাই আহোম উন্নয়ন পৰিষদে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকী আচৰিত হৈছিল আৰু তাৎক্ষণিকভাৱে সেই সময়ৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰমক বেদখল মুক্ত কৰাৰ বাবে নিৰ্দেশ দিছিল।
পিছত জিলা প্ৰশাসনে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ১৪ বিঘা ভূমি বেদখল মুক্ত কৰি টাই আহোম উন্নয়ন পৰিষদক গতাই দিছিল। কিন্তু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোঁহায়ে সদৰি কৰে যে, "আমাৰ দাবী কেবল ১৪ বিঘা মাটি বেদখল মুক্ত কৰা নাছিল, আমাৰ দাবী আছিল ইয়াৰ কাষত যি দৌল, দেওশাল আছিল, চাওল্যুং চ্যুকাফাৰ যি ডেৰ শ বিঘা ভূমি বেদখল হৈ আছে এই সকলোবোৰ বেদখল মুক্ত কৰা। মুখ্যমন্ত্ৰীক যেতিয়া এই কথাটো পুনৰবাৰ অৱগত কৰোৱা হৈছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে চাওল্যু চ্যুকাফা মৈদাম, লাংখুই দৌল, লাংখুই দেওশাল, চাওল্যুং চ্যুকাফাৰ সতি-সন্তত্বিৰ আটাইকেইটা মৈদাম সামৰি এক প্ৰকল্পৰ কাম হাতত লয় আৰু প্ৰকল্পটোৰ কাম আগবঢ়াই নিবৰ বাবে বিভাগক যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰে।" প্ৰতিকুল বতৰতো পৱিত্ৰ চাওল্যুং চ্যুকাফাৰ পৱিত্ৰ ভূমিত উপস্থিত হৈ টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে অসমবাসীক এই ভাল খবৰটো দিয়ে।
তেওঁ লগতে উল্লেখ কৰে যে, "এই মহান পদক্ষেপ অসমবাসীৰ বাবে এক অমূল্য অৱদান হ’ব। বহুত চৰকাৰ আহিল, বহুত চৰকাৰ গ’ল। বহুত ৰাজনীতি হ’ল। কিন্তু তাৰ পিছতো অসমীয়াৰ পিতৃ পুৰুষ চাওল্যুং চ্যুকাফাৰ মৈদামটো বেদখল হৈ থকাটো জাতিটোৰ কাৰণে লাজৰ কথা।" এই মহান পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
ময়ূৰ বৰগোঁহায়ে কয় যে, "মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাবই লাগিব, কিয়নো বহু মুখ্যমন্ত্ৰী আহিল বহু মুখ্যমন্ত্ৰী গ’ল। আহোমৰ পৰা প্ৰতিনিধিত্ব কৰা বহু মুখ্যমন্ত্ৰী আছিল, তেওঁলোকে মৈদামটোৰ বাবে একো নকৰিলে। বহুকেইজন কেবিনেট মন্ত্ৰী আছিল, তেওঁলোকে এই বিষয়টো উপস্থাপন কৰিবলৈকে ভয় কৰিলে। কেবাজনো সাংসদ আছিল, সাংসদে এই কথাটো উলিয়াবলৈকে ভয় কৰে। আজিও এই সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি আছে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, শইকীয়াৰ মুখতো এবাৰো উচ্চাৰিত নহ’ল চাওল্যুং চ্যুকাফাৰ মৈদামৰ কথা।"
লোকসভাৰ উপ-দলপতি তথা সাংসদ গৌৰৱ গগৈকো তীব্ৰ সমালোচনা কৰে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁয়ে। তেওঁ কয় যে, "গৌৰৱ গগৈৰ মুখতো এই মৈদামটোৰ কথা আজিলৈকে এবাৰলৈও শুনিবলৈ পোৱা নগ’ল। সাংসদ গৌৰৱ গগৈয়ে বেদখলৰ কবলত পৰা মৈদামটো বেদখল মুক্ত কৰিব লাগে বুলি এবাৰো নকয়। তেওঁলোকে কেবল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈকে আহোমৰ আৱেগক লৈ হেতালি খেলে।" পিতৃ পুৰুষৰ মৈদামটো বেদখল মুক্ত কৰিবলৈ তেওঁলোকে এষাৰো মাত কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষগৰাকীয়ে। আনকি গৌৰৱ গগৈয়ে চাওল্যুং চ্যুকাফাৰ মৈদামটো ক’ত আছে জানেনে নাই বুলি তেওঁ প্ৰশ্ন কৰে। কিয়নো সাংসদ হোৱাৰ প্ৰায় দুবছৰেই হ’ল, গৌৰৱ গগৈয়ে এবাৰলৈও মৈদামস্থলীত ভৰি দিয়া নাই।"
তেওঁ পুনৰ কয় যে, "আমি ভাবিছিলো যে চাওল্যুং চ্যুকাফাৰ মৈদামে হওক বা প্ৰাচীন কীৰ্তিচিহ্নসমূহ পুনৰ উদ্ধাৰৰ কাৰণে গৌৰৱ গগৈয়ে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু আজিৰ তাৰিখলৈকে তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে যিখিনি সময়ত এইসমূহ সংৰক্ষৰ কাৰণে বেলেগ চৰকাৰৰ দিনত আমি ৰাজপথলৈ যাব লাগে, আন্দোলন কৰিব লাগে, বন্ধ দিব লাগে, ল’ৰা জে’লত যাব লাগে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয়। কিন্তু আজি সেইবোৰ একো নোহোৱাকৈ জাতি-মাটি-ভেটিৰ কথা কৈ থকা চৰকাৰখনে সেইখিনি পুনৰ উদ্ধাৰৰ ব্যৱস্থা কৰিছে। আজি তাৰেই এয়া এক বলিষ্ঠ পদক্ষেপ প্ৰায় ৫০০ বিঘা মাটিক সামৰি এই বৃহৎ প্ৰকল্প" বুলি ময়ূৰ বৰগোহাঁয়ে মন্তব্য কৰে।
উল্লেখ্য যে, অসমীয়া জাতিৰ বুনিয়াদ গঢ়োতা চাওলুং চ্যুকাফাৰ মৈদাম সম্প্ৰতি বেদখলৰ কবলত পৰিছে। একাংশ দুষ্ট চক্ৰই অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওল্যুং চ্যুকাফাৰ মৈদামৰ কাষত বেদখল কৰি পাতিছে কেবাখনো বৃহৎ চাহ বাগিচা।
আজি চাওলুং চ্যুকাফাৰ মৈদামস্থলী পৰিদৰ্শন কৰি টাই আহোম উন্নয়ন পৰিষদৰ আবণ্টিত এক কোটি ৮ লাখ টকা পুঁজিৰে চ্যুকাফা মৈদামৰ বেদখল মুক্ত কৰি চাৰিবেৰাৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ময়ূৰ বৰগোঁহায়ে। খুব কম সময়ৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মৈদামস্থলীত উপস্থিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাইজ, দল-সংগঠন, বুদ্ধিজীৱিসকলৰ লগত মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটো সন্দৰ্ভত আলোচনা কৰি খুব কম সময়ৰ ভিতৰত প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।