/asomiyapratidin/media/media_files/2025/02/01/Dt12uEsCUAY1EEqrw1n6.jpg)
অসম সন্তান মেজৰ অবিনাশ চেত্ৰীৰ সাফল্য
ডিজিটেল ডেস্ক : অসম তথা ৰাজ্যবাসীৰ বাবে এটি সুখবৰ। এই সুখবৰটি আহিছে দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা। ৰাষ্ট্ৰপতি ভৱনত সেনা বিষয়া হিচাপে কৰ্মৰত এগৰাকী অসম সন্তানৰ কান্ধত অৰ্পণ কৰা হৈছে গধুৰ দায়িত্ব। উল্লেখযোগ্য যে গণৰাজ্য দিৱস আৰু শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিবেশনত তেওঁক এই দায়িত্বভাৰ দিয়া হৈছে।
/asomiyapratidin/media/media_files/2025/02/01/NhNpuc69yjeRnOuV5ZPe.jpg)
উল্লেখযোগ্য যে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু সংসদৰ বাজেট অধিবেশনৰ পৰম্পৰাগত চেৰিমনিয়েল পেৰেডত ৰাষ্ট্ৰপতি দৌপ্ৰদী মুৰ্মৰ এ ডি চি হিচাপে দিয়া দায়িত্ব সুচাৰূপে পালন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মেজৰ অবিনাশ চেত্ৰীয়ে ৷ এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সেনাৰ পৰা ৩ জন বিষয়া, বায়ু সেনা আৰু নৌ সেনাৰ পৰা এজনকৈ মুঠ ৫ জন বিষয়াক ৰাষ্ট্ৰপতিৰ এ ডি চি হিচাপে নিয়োজিত কৰা হয় ৷ এই ৫জন বিষয়াৰ ভিতৰত অসম সন্তান মেজৰ অবিনাশ চেত্ৰীয়ো অন্যতম।
/asomiyapratidin/media/media_files/2025/02/01/fzlRci9yS8yYIlLduB9u.jpg)
স্বাভাৱিকতে অসম সন্তানগৰাকীয়ে তেওঁক দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম মাতৃক ধন্য কৰিছে। ই নিশ্চয়কৈ ৰাজ্যবাসীৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ কথা।
/asomiyapratidin/media/media_files/2025/02/01/wp4NE6EIDxyaJMbn0yz0.jpg)
মেজৰ অবিনাশ চেত্ৰীয়ে ২০২২ চনত ভাৰতীয় সেনাৰ পৰা এ ডি চি পদৰ দায়িত্ব লাভ কৰিছিল। তেওঁ বিভিন্ন সময়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতিৰ কেতবোৰ অনুষ্ঠানত এই গুৰুত্বপূর্ণ দায়িত্ব পালন কৰি আহিছে। অবিনাশ চেত্ৰীৰ ঘৰ তেজপুৰত। তেওঁৰ পিতৃৰ নাম পূৰ্ণ বাহাদুৰ চেত্ৰী আৰু মাতৃৰ নাম অঞ্জনা চেত্ৰী।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে তেওঁ ২০১৭ চনত পুনেৰ ডেৰাডুনত ভাৰতীয় সামৰিক একাডেমীৰ পৰা উত্তীৰ্ণ হৈছিল। লগতে তেওঁক সোণৰ পদকসহ সন্মানীয় তৰোৱাল প্ৰদান কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us