/asomiyapratidin/media/media_files/2025/08/03/whatsapp-image-2025-08-03-17-06-35.jpeg)
ডিজিটেল সংবাদ, ওৰাংঃ মাজবাটৰ অসম-অৰুণাচল সীমান্তৰ চিকাৰীদাংগাৰ ২ নং বগৰীবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে লাৱণ্য বড়ো নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ। আহত হৈছে চাৰি গৰাকীকৈ লোক। আহত সকলক ৰবিলাল হেম্বৰম(৫১),মাৰিয়ম চুৰেণ(৪৫),পল্টন হেম্বৰম(১২),লক্ষী হেম্বৰম(১০)। আনহাতে, কোলাত ৪ মহীয়া সন্তান লৈ হাতীৰ পেটৰ তলেৰে পলায়ন কৰে এগৰাকী মহিলাৰ লগতে আন এগৰাকী লোকে।
উল্লেখযোগ্য যে, অৰুণাচলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে বহুদিন ধৰি অঞ্চলটোত চলাই আহিছিল সন্ত্রাস। নিশা প্ৰায় ২.৩০ মান বজাত ওচৰৰ ৩টাকৈ ঘৰো কিছু পৰিমাণে ক্ষতিসাধন কৰি হাতীটো গৈছিল মৃত লাৱণ্য বড়োৰ বাসগৃহত। বাৰান্দাত শুই থকা দেখা পাই প্রথমে আক্ৰমণ চলাইছিল মহিলাগৰাকীক। হাতীটোৰ গচকৰ ফলত মৃত্যু হয় লাৱণ্য বড়োৰ।
ইফালে, আনটো ঘৰত থকা মহিলাগৰাকীৰ বোৱাৰী, ৪ বছৰীয়া সন্তান আৰু পুত্ৰ হাতীৰ তলেৰেই পাৰ হৈ নিজৰ প্রাণ বচাবলৈ সক্ষম হয়। ঘটনাৰ পাছতেই বাসগৃহত উপস্থিত হয় বন বিভাগৰ লোক। পৰৱৰ্তী সময়ত লালপানী আৰক্ষীৰ সহযোগত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।