Advertisment

মাজবাটত ট্ৰাকৰ খুন্দাত থিতাতে নিহত মহিলা...

আজি সন্ধিয়া ৭ মান বজাত মাজবাট নগৰৰ মাজমজিয়াত বজাৰ ট্ৰাকৰ খুণ্ডাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে মহিলা গৰাকী এজন যুৱকৰ লগত মাজবাটৰ লামাবাৰী দিশৰ পৰা মটৰ চাইকেলেৰে আহি আছিল।

author-image
Asomiya Pratidin
New Update
মাজবাটত ট্ৰাকৰ খুন্দাত থিতাতে নিহত মহিলা...

মাজবাটত ট্ৰাকৰ খুন্দাত থিতাতে নিহত মহিলা...

ডিজিটেল সংবাদ, মাজবাটঃ আজি সন্ধিয়া ৭ মান বজাত মাজবাট নগৰৰ মাজমজিয়াত বজাৰ ট্ৰাকৰ খুণ্ডাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে মহিলা গৰাকী এজন যুৱকৰ লগত মাজবাটৰ লামাবাৰী দিশৰ পৰা মটৰ চাইকেলেৰে আহি আছিল।

Advertisment

তেনেতে মাজবাট নগৰৰ মাজমজিয়াত থকা পুৰণি হস্পিটেলৰ ওচৰত সাপ্তাহিক বজাৰৰ পৰা ওৰাং অভিমুখে গৈ থকা এখন ট্ৰাকে নিয়ন্ত্ৰন হেৰুৱায় মটৰ চাইকেল আৰোহী দুজনক খুণ্ডা মাৰি তীব্ৰ বেগেৰে পলাই যায়। ট্ৰাকৰ খুণ্ডাত মহিলা গৰাকী মটৰ চাইকেলৰ পৰি থিতাতে মৃত্যু হয় যদিও এই দুৰ্ঘটনাটোত যুৱকজন কথমপি ৰক্ষা পৰে।

পিছত স্থানীয় ৰাইজে মাজবাট থানাত খবৰ দিয়াত মাজবাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী ঘটনস্থলিত ততালিকে উপস্থিত হৈ মহিলা গৰাকীক মাজবাটৰ মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি আৰক্ষীক অৱগত কৰে।

মৃত মহিলা গৰাকীৰ ঘৰ ধেমাজি জিলাৰ  গোগামুখৰ পূব বালিগাঁৱৰ নিবাসী জগদীশ স্বৰ্গীয়াৰীৰ পত্নী মৌচুমী স্বৰ্গীয়াৰী(২৯) বুলি জানিব পৰা গৈছে। ইফালে উক্ত ঘটনা সংক্ৰান্তত মাজবাট আৰক্ষীয়ে তিনিখন বজাৰ ট্ৰাক ওৰাং চাহ বাগিচাৰ সমীপৰ পৰা জব্দ কৰি আনি সোধ পোছ অব্যাহত ৰাখিছে।

পথ দুৰ্ঘটনা