মাজবাটৰ লালপানীত বুজন পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ...

তিনিটা এ কে ৪৭ ৰাইফল, ৬টা খালী মেগজিন আৰু ৬২০ জাই সজীৱ গুলী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে

author-image
Asomiya Pratidin
New Update
মাজবাটৰ লালপানীত বুজন পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ...

অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ,মাজবাটঃ মাজবাট থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ লালপানীৰ ১ নং চিকাৰিডাঙাত শনিবাৰে নিশা ওদালগুৰি আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমানৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাইৰ নেতৃত্বত চলা এই অভিযানত গাঁতত পুতি ৰখা অৱস্থাত তিনিটা এ কে ৪৭ ৰাইফল, ৬টা খালী মেগজিন আৰু ৬২০ জাই সজীৱ গুলী উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰ খিনি কোন উগ্ৰপন্থী সংগঠনৰ আৰক্ষীয়ে এতিয়াও অৱগত কৰা নাই যদিও ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ওদালগুৰি- মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ
ওদালগুৰি- মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ
udalguri police majbat police majbat Assam police