/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/sd23q2mh/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ উদুলি মুদুলি মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পদুলি। ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ ৰবিবাৰে সামৰণি পৰে। অনুষ্ঠানৰ অন্তিম দিনটোত অনুষ্ঠিত হোৱা মুকলি সভাত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা৹ ৰণোজ পেগু।
বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে দৰং-ওদালগুৰি লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। ৭৫ বছৰীয়া হল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৪৯ চনত স্থাপন হোৱা বিদ্যালয় খনে বহন কৰিছে মাজবাট সমষ্টিৰ ঐতিহ্য। অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান আছিল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। মাজবাটৰ অগ্রণী শিক্ষানুষ্ঠান মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৰাকিলে ৭৫ টা বসন্ত।
অঞ্চলটোৰ মানৱ সম্পদ নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। মুকলি সভাত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই। যিখন স্মৃতিগ্ৰন্থৰ সোণোৱালী পৃষ্ঠাত আবদ্ধ হৈ আছে মাজবাট অঞ্চলৰ শিক্ষা, সামাজিক, সাংস্কৃতিক তথা বৌদ্ধিক ক্ষেত্ৰ খনৰ বহু যুগমীয়া স্মৃতি আৰু ঐতিহ্য।
শিক্ষা মন্ত্ৰী গৰাকীয়ে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শিক্ষা ব্যৱস্থাৰ ওপৰত বক্তব্য ৰাখে। ৩৭২ খন বিদ্যালয়ত ৭ কোটি টকাৰ অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। কেইবাগৰাকীও বিধায়ক আৰু প্ৰশাসনিক সেৱাৰ বিষয়া এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। বিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান।
১৯৪৯ চনত স্থাপন হোৱা অগ্রণী শিক্ষানুষ্ঠান খনৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উপলক্ষে আজি তৃতীয় দিনৰ কাৰ্যসূচীত উলিওৱা হয় বিশাল সাংস্কৃতিক শোভাযাত্রা। এই সাংস্কৃতিক শোভাযাত্রা মুকলি কৰে ওদালগুৰি জিলাৰ জিলা আয়ুক্ত পুলক পাটগিৰীয়ে। এখন হেমকোষ আৰু এটা কলমৰ প্ৰতিক ৰপে সাংস্কৃতিক শোভাযাত্ৰা মূল আকৰ্ষণ কৰে। প্ৰায় ১০ হাজাৰ লোকে বিভিন্ন কলা, লোক কৃষ্টি-সংস্কৃতিৰ বণাৰ্ঢ্য প্রতিফলনেৰে উলিয়ায় বিশাল সাংস্কৃতিক শোভাযাত্রা। এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্রহণ কৰে ৫৮ টা সাংস্কৃতিক দলে। মাজবাট চহৰৰ মাজেদি প্রায় আঢ়ৈ কিমি পথত উলিওৱা হয় শোভাযাত্রা।
ইয়াৰ উপৰিও মাজবাটৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীত উপস্থিত অসম চৰকাৰৰ মন্ত্রী ৰণোজ পেগু। চামগুৰিৰ উপ নিৰ্বাচনৰ হিংসাত্মক গুলীচালনাৰ বিষয়ে প্ৰতিক্ৰিয়া মন্ত্রী ৰণোজ পেগুৰ। বিধায়ক জিতু গোস্বামীৰ কনভয়ত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাক গৰিহনা। এনেবোৰ কাৰ্যৰ জৰিয়তে কংগ্ৰেছে চামগুৰিত কৰিছে হিংসা আৰু ঘৃণাৰ ৰাজনীতি। ভেটি হেৰুওৱাৰ ভয়ত ত্ৰস্তুমান ৰকিবুলে গাদীৰ স্বাৰ্থত এনে হিংসাত্মক ঘটনাৰ আশ্রয় লৈছে।
আনহাতে, বিহালীৰ উপ নির্বাচনত যোৰহাটৰ দৰেই ফলাফল হ'ব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰো প্রতিক্রিয়া মন্ত্ৰীগৰাকীৰ। বিহালীৰ উপ নিৰ্বাচনৰ ফলাফল গৌৰৱ গগৈয়ে নহয়, নিৰ্ধাৰণ কৰিব বিহালীৰ ৰাইজে। ইয়াৰ উপৰিও উপনির্বাচনৰ প্ৰাকক্ষণত ৰকিবুল হুছেইনৰ চাকৰি কেলেংকাৰীৰ বাতৰিৰ চৰ্চাৰ ওপৰতো মন্তব্য শিক্ষামন্ত্রী ৰণোজ পেগুৰ। মন্ত্রীগৰাকীয়ে কয় যে, জুই ওলালে ধোঁৱা ওলাবই, মাছ পচিলে গোন্ধ ওলাবই। হিমন্ত বিশ্বৰ শাসনত যিমান চাকৰি পালে ক'তো ধোৱা নাই, কতো গোন্ধ নাই। ৰকিবুলে নিজে কৰা পূৰ্বৰ দুর্নীতি ৰকিবুলে কিয় নেদেখে বুলি প্রশ্ন মন্ত্রী ৰণোজ পেগুৰ ।