মাজবাটৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ৪ জনৰ

মাজবাটত তিনিটাকৈ পথ দুৰ্ঘটনাত চাৰিজনৰ থিতাতে মৃত্যু। দুজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। সমগ্ৰ মাজবাটত অঞ্চলজুৰি শোকৰ ছাঁ।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident

ডিজিটেল সংবাদ, মাজবাট: মাজবাটত তিনিটাকৈ পথ দুৰ্ঘটনাত চাৰিজনৰ থিতাতে মৃত্যু। দুজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। মাজবাটত মঙলবাৰে অভিশপ্ত কাল সন্ধিয়া তিনিটাকৈ পৃথক পথ দুৰ্ঘটনাত চাৰিজন যুৱকৰ থিতাতে মৃত্যু হোৱাকলৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Advertisment

জানিব পৰামতে আজি সন্ধিয়া ৬-৩০ মান বজাত মাজবাট থানা এলেকাৰ বাহিপুখুৰী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সমীপত ওৰাং - মাজবাট ৰূপা পথত বাইক আৰোহী আৰু স্কুটি আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু ঠিতাতে শোনিতপুৰ জিলাৰ ৰাক্ষসমাৰী থানা এলাকাৰ ১নং চিবিয়াৰী গাঁৱৰ দেৰহাচাত বসুমতাৰীৰ (২০) মৃত্যু হয়।

উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৰিমি দৈমাৰী (১৮) আৰু ৰঞ্জন কিচকোক (৩০) সংকটজনক অৱস্থাত মাজবাট আৰক্ষীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰে। ইফালে স্থানীয় লোকৰ পৰা উক্ত দুৰ্ঘটনা সংঘটিত হোৱা খবৰ পোৱাৰ লগে লগে মাজবাট আৰক্ষী এটা দল ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এজন বাইক আৰোহী নিজম বসুমতাৰীয়ে (২৬) তীব্ৰ বেগেৰে আহি আৰক্ষীৰ বলেৰো বাহনখনত খুণ্ডা মাৰে আৰু ঠিতাতে তেওঁৰ মৃত্যু হয়।

আনহাতে মাজবাট আৰক্ষী উক্ত ঘটনাস্থলীত থাকোঁতেই মাজবাট - বেটেলী চাহ বাগিচা পথৰ মুৰকাটি গাঁৱৰ নিকটৱৰ্তী ৰেল গেটৰ ওচৰত এখন এ এচ -২৭ চি - ৪৫৩৬ নম্বৰৰ বলেৰো পিকাপ ভানে দুজন বাইক আৰোহীক মহতিয়াই নিয়াত বেটেলী চাহ বাগিচাৰ জীতেন প্ৰজা (১৯) আৰু ৰাকেশ ওৰাংৰ ঠিতাতে মৃত্যু হয়।

পিছত মাজবাট আৰক্ষীয়ে চাৰিওটা মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মাজবাট থানাৰ মৰ্গত ৰাখে। মৃত দেৰহাচাত বসুমতাৰী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰিমি দৈমাৰী মাজবাট মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী বুলি জানিব পৰা গৈছে। এনেদৰে আকস্মিক দুৰ্ঘটনাত হঠাতে এনেকৈ চাৰিজন যুৱকৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

আৰু পঢ়ক:  পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

assam road accident