কাৰ্ড বনাই দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ

অসম চৰকাৰে ৰাইজক বিনামূলীয়াকৈ দিয়া অন্ন সুৰক্ষা যোজনাৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৈৰাবাৰীৰ শগুণবাহি গাঁৱত অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড বনাই দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ স্থানীয় ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
new ap web 1 (14)

ডিজিটেল সংবাদ, মৈৰাবাৰীঃ অসম চৰকাৰে ৰাইজক বিনামূলীয়াকৈ দিয়া অন্ন সুৰক্ষা যোজনাৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৈৰাবাৰীৰ শগুণবাহি গাঁৱত অন্ন সুৰক্ষা যোজনাৰ কাৰ্ড বনাই দিয়াৰ নামত ধনৰ লেনদেনৰ অভিযোগ স্থানীয় ৰাইজৰ।

Advertisment

অভিযোগ অনুসৰি, মৈৰাবাৰীৰ উৰলকটা গাঁৱৰ শ্বাহজাহান আলি নামৰ লোক এজনে হাতিমূৰীয়া, শগুণবাহি গাঁৱৰ কেইবাজনো লোকৰ পৰা চাউলৰ কাৰ্ড বনাই দিয়াৰ বাবে দহৰ পৰা পোন্ধৰ হাজাৰ টকাকৈ লৈছিল। লোচনাবৰী সমবায় সমিতিৰ অন্তৰ্গত শগুণবাহি গাঁৱৰ এজেন্ট আবুল খায়েৰৰ মধ্যস্থতাত দালাল ৰূপী শ্বাহজাহান আলিয়ে দুখীয়া, দৰিদ্ৰ লোকক চৰকাৰী বিনামূলীয়া চাউলৰ কাৰ্ড বনাই দিয়াৰ বাবে ধন লয় যদিও কোনো ধৰনৰ কাৰ্ড আজিলৈকে পোৱা নাই ভুক্তভোগীসকলে। যাৰবাবে দালাল চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

মৈৰাবাৰী