/asomiyapratidin/media/media_files/2025/07/11/bvbvbvb-2025-07-11-21-39-35.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ হনুমান মন্দিৰত নিষিদ্ধ গো-মাংসৰ উদ্ধাৰ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড মিন্টু আলীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা মিন্টু আলী ওৰফে জাহাংগীৰ খানৰ ঘৰ ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কুৰৱানী ঈদৰ পিছদিনা অৰ্থাৎ ৮ জুনত ধুবুৰী চহৰৰ ৩ নম্বৰ ৱাৰ্ডৰ বালুৰচৰৰ হনুমান মন্দিৰৰ সন্মুখত নিষিদ্ধ গো-মাংস ৰখাক লৈ ধুবুৰী চহৰৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছিল। এই কাণ্ড সংঘটিত কৰাৰ পাছত ধুবুৰীত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অনুসন্ধান চলাই জাহাংগীৰ খান ওৰফে মিন্টু আলীক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত হোৱা প্ৰায় ১ মাহৰ পাছত ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰীৰ এক গোপন স্থানত আত্মগোপন কৰি থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানালৈ লৈ আনে। ধুবুৰী আৰক্ষীয়ে ধৃত মন্টুৰ বিৰুদ্ধে গোচৰ নং ২৬৬/২৫ ৰ অধীনত ভাৰতীয় ন্যায় সংহিতাৰ ২৯৮, ২৯৯, ৬১(২)(এ) ধাৰা আৰু অসম গো সংৰক্ষণ আইন (এচিপি আইন), ২০২১ৰ ধাৰা ১৩(১) ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।
ইয়াৰ পিছতে ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰেই ধৃত জাহাংগীক ধুবুৰী আদালতত হাজিৰ কৰাৰ পাছতে আদালতে তেওঁক জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে ধুবুৰীৰ হনুমান মন্দিৰত নিষিদ্ধ গো-মাংস ৰখাৰ ঘটনাক কেন্দ্ৰ কৰিয়েই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুবাৰকৈ ধুবুৰীলৈ আহি ঘটনাৰ বুজ ল'ব লগা হৈছিল।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ধুবুৰীত উপস্থিত হৈ যিকোনো ব্যক্তিয়ে অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিলে দুস্কৃতিকাৰীক দেখা মাত্ৰই গুলীৰ নিৰ্দেশ দিছিল। তাৰ পিছতে ধুবুৰীৰ পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছিল। পুনৰবাৰ ধুবুৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ জাহাংগীৰ খান ওৰফে মিন্টু আলী নামৰ দুস্কৃতিকাৰীজনক চিনাক্ত কৰা হৈছে বুলি সাংবাদিকৰ আগত সদৰি কৰিছিল আৰু মিন্টু আলীক আত্মসমৰ্পণ কৰিব লৈও আহ্বান জনাইছিল। আৰক্ষীয়ে মিণ্টু আলীক গ্ৰেপ্তাৰ কৰাত ধুবুৰী চহৰবাসীয়ে আৰক্ষীৰ এই পদক্ষেপক শলাগ লোৱা দেখা গৈছে।