মহুৰামুখ জাতীয় বিদ্যালয়ত বাৰ্ষিক গীত- মাতৰ এদিন....

মহুৰামুখ জাতীয় বিদ্যালয়ত বাৰ্ষিক গীত- মাতৰ এদিন....
মহুৰামুখ জাতীয় বিদ্যালয়ত বাৰ্ষিক গীত- মাতৰ এদিন....

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাত মহকুমাৰ মহুৰা মৌজাৰ হাঁহচৰাত অৱস্থিত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনস্থ বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰ তত্বাৱধানত শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত মঙলবাৰে মহুৰামুখ জাতীয় বিদ্যালয়ে প্ৰতি বছৰে আয়োজন কৰা বাৰ্ষিক অনুষ্ঠান গীত-মাত, চিত্ৰ প্ৰদৰ্শনী, প্ৰাচীৰ পত্ৰিকা উন্মেচন কৰা হয় ।

প্ৰথম কাৰ্যসূচী হিছাপে পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱাই। বন্তি প্ৰজ্বলন কৰে জয়মতী কথাছবি মোহিনী ৰাজকুমাৰী নাতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীনা ৰাজকুমাৰী, অংকুৰ-প্ৰাক-প্ৰাথমিকৰ প্ৰাচীৰ পত্ৰিকা মৌ-মাত উন্মোচন কৰে টাজং কুটুম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনকধন বৰিয়ে।

জোনাক উন্মোচন কৰে নুমলীগড়ৰ জ্যেষ্ঠ সাংবাদিক, সাংস্কৃতিক কৰ্মী প্ৰদীপ বৰাই।বিজ্ঞানৰ প্ৰাচীৰ পত্ৰিকা আৰ্যভট্টীয়ম উন্মোচন কৰে মহুৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পৃৰ্ণ বৰুৱাই। শিশু ওমলাচ'ৰাৰ দ্বাৰ উন্মোচন কৰে নামটেমেৰা অমৰাগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰুমী মুদৈয়ে। আৰু সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে সমাজকৰ্মী দিলীপ শইকীয়াই।

মঞ্চ উদ্ধোধনৰ পিছতেই প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে। অষ্টম আৰু সপ্তম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলে মিত্ৰদেৱ মহন্তৰ ৰচিত তথা অসম সাহিত্য সভাৰ শীৰ্ষক গীত চিৰ চেনেহী ভাষা জননী পৰিৱেশন কৰি আৰম্ভণি কৰে ।

অনুষ্ঠানত অংকুৰ-প্ৰাক প্ৰাথমিক, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, সপ্তম আৰু অষ্টম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলে ভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অভিভাৱক তথা উপস্থিত শুভাকাংক্ষীক আপ্লুত কৰে ।বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অসম জাতীয় বিদ্যালয়ৰ শীৰ্ষক গীত 'আলোক সন্ধানী আশা আলয়' গীতটি আৰু শিক্ষয়িত্ৰী জ্ঞানবী শইকীয়া তত্বাৱধানত দিহানাম পৰিৱেশন কৰে শিক্ষয়িত্ৰী সকলে ।

অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নাট্যকাৰ দীলিপ কুমাৰ দত্ত ৰচিত 'ৰঙীন আবেলি ধেমালী' একাংকিকা নাটকখনি বিজ্ঞান শিক্ষক অনুৰাজ লইঙৰ পৰিচালনাৰে সুন্দৰকৈ মঞ্চস্থ কৰি দৰ্শকক আমোদ দিয়ে । ৰাজদ্বীপ দাসৰ দলটোৱে বিহু প্ৰদৰ্শন কৰি সকলোৱে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

শেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসম সংগীতটো চাৰিটা ভাষাত পৰিৱেশন কৰি বাৰ্ষিক অনুষ্ঠানটো সামৰণি মাৰে । অনুষ্ঠানটো আঁত ধৰে জ্যেষ্ঠ শিক্ষক জীতেন দত্তই আৰু কাৰ্যসূচী ইংৰাজীত পৰিচালনা কৰে সপ্তম শ্ৰেণী ছাত্ৰ বিকি দাস আৰু ছাত্ৰী অৰ্পিতা লইঙে আৰু অসমীয়াত পৰিচালনা কৰে অষ্টম শ্ৰেণী ছাত্ৰী অনন্যা দুৱৰাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in