/asomiyapratidin/media/media_files/2025/07/09/ujjjss-2025-07-09-12-07-51.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই সংঘটিত হ’ল এক শোকাৱহ ঘটনা। গুজৰাটৰ মহিসাগৰ নদীৰ ওপৰত থকা দলং ভাগি পৰাৰ ফলত ৫খনকৈ বাহন পানীত সৰি পৰাৰ লগতে নিহত হৈছে ৮গৰাকীকৈ লোকৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯৮৫চনত নিৰ্মাণ কৰা এই দলং আছিল যথেষ্ট দুৰ্বল। প্ৰশাসনে অতি গধুৰ বাহন উক্ত দলঙখনেৰে অহাযোৱা কৰিবলৈ বাধা প্ৰদান কৰিছিল যদিও একাংশই মনা আছিল এই নিৰ্দেশনা।
এই ঘটনা সংঘটিত হোৱাৰ পাছতে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰি বিশেষজ্ঞ দলক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। ১৯৮১চনৰ পৰা ১৯৮৫চনৰ ভিতৰত এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। কিন্তু দলংখনৰ দুৰ্বল অৱস্থাৰ বাবে শেহতীয়াকৈ ২১২কোটি টকা ৰাজ্য চৰকাৰে উক্ত দলংখনৰ মেৰামতিৰ বাবে মুকলি কৰি দিছিল।