Advertisment

নগাঁও গ্ৰন্থমেলাত মহিম বৰা-বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য-অমলেন্দু গুহৰ শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ নিবেদন বক্তৃতানুষ্ঠান

ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গল্পকাৰ, কবি মহিম বৰা আৰু ইতিহাসবিদ ড০ অমলেন্দু গুহৰ শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠাটি নগাঁৱৰ কলঙৰ বাকৰিত অনুষ্ঠিত কৰা হয় ৷ নগাঁও গ্ৰন্থমেলা ২০২৪ত তিনি পুৰোধাক শ্ৰদ্ধাৰ্ঘ নিবেদি অনুষ্ঠিত হয় বক্তৃতানুষ্ঠান ৷ 

author-image
Asomiya Pratidin
New Update
nagaon

nagaon

ডিজিটেল সংবাদ, নগাঁও : ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গল্পকাৰ, কবি মহিম বৰা আৰু ইতিহাসবিদ ড০ অমলেন্দু গুহৰ শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠাটি নগাঁৱৰ কলঙৰ বাকৰিত অনুষ্ঠিত কৰা হয় ৷ নগাঁও গ্ৰন্থমেলা ২০২৪ত তিনি পুৰোধাক শ্ৰদ্ধাৰ্ঘ নিবেদি অনুষ্ঠিত হয় বক্তৃতানুষ্ঠান ৷ 

Advertisment

কিৰণ শংকৰ - ননী গোহাঁই বৰুৱা - কৃষ্ণকান্ত হাজৰিকা ক্ষেত্ৰত আয়োজিত নগাঁও গ্ৰন্থমেলাৰ সোমবাৰৰ কাৰ্যসূচী অনুসৰি বিয়লি ৩-০০ বজাৰ পৰা অনুষ্ঠিত বক্তৃতানুষ্ঠানত আলোচনা আগবঢ়াই প্ৰভাত বৰা, ড০ আনন্দ বৰমুদৈ আৰু ড০ পৰমানন্দ মজুমদাৰে ৷ সাহিত্য সমালোচক প্ৰভাত বৰাই “ মহিম বৰা- স্ৰষ্টা আৰু সৃষ্টি “ শীৰ্ষক বিষয়ত আলোচনা আগবঢ়ায় ৷ 

গ্ৰন্থমেলা
গ্ৰন্থমেলা

 

মহিম বৰাৰ সৃষ্টিৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰভাত বৰাই কয় যে সাহিত্যাচাৰ্য মহিম বৰাৰ গ্ৰন্থসমূহ পুনৰ প্ৰকাশৰ ব্যৱস্থা হ’ব লাগে ৷ সকলো লোকে তেখেতৰ গ্ৰন্থসমূহ সহজতে পোৱাকৈ প্ৰকাশ হ’ব লাগিছিল ৷ সাহিত্য সমালোচক বৰাই মহিম বৰাৰ শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ যেনেদৰে অনুষ্ঠিত হ’ব লাগিছিল, ঠিক তেনেদৰে উদযাপন নোহোৱা বুলি খেদ প্ৰকাশ কৰে ৷ 

আনহাতে নগাঁও গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক শিবানন্দ কাকতীয়ে আঁত ধৰা শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ নিবেদন বক্তৃতানুষ্ঠানত “মানৱতাবাদৰ দৃষ্টিকোণেৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস“ শীৰ্ষক বিষয়ত আলোচনা আগবঢ়াই ড° আনন্দ বৰমুদৈয়ে। তেওঁ কয় যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমীয়া সাহিত্যক বহু উচ্চ স্থানলৈ আগবঢ়াই নিছিল ৷ তেখেতৰ প্ৰতিখন উপন্যাসত মানৱতাবাদৰ কথা আছে ৷ 

গ্ৰন্থমেলা
গ্ৰন্থমেলা

 

মানুহ আৰু মানৱতাৰ কথা উপন্যাসত লিপিবদ্ধ আছে ৷ ভট্টাচাৰ্যৰ উপন্যাসত ট্ৰেজিক ভিজন থকা বুলিও উল্লেখ কৰে সাহিত্যিক ড° আনন্দ বৰমুদৈয়ে ৷ 

ইতিহাসবিদ ড° অমলেন্দু গুহক শ্ৰদ্ধাৰ্ঘ জনাই “আধুনিক অসমৰ ইতিহাস অধ্যায়ন আৰু ড° অমলেন্দু গুহ “ শীৰ্ষক বিষয়ত আলোচনা আগবঢ়াই বিশিষ্ট সাহিত্যিক ড° পৰমানন্দ মজুমদাৰে ৷ ড° মজুমদাৰে কয় যে ড° অমলেন্দু গুহ ইতিহাসবিদেই নহয় এজন সমাজবিজ্ঞানীও আছিল ৷ 

গ্ৰন্থমেলা
গ্ৰন্থমেলা

 

ইতিহাসৰ লগতে তেখেতে কবিতা ৰচনা কৰিছিল ৷  তেখেতৰ কবিতাৰ মাজতো ইতিহাসবোধ আছিল ৷ ইতিহাস চৰ্চাৰ জৰিয়তে দেশ দেশান্তৰলৈকে সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ড° গুহই ইতিহাস চৰ্চাৰ ক্ষেত্ৰত বস্তুনিষ্ঠ ধাৰণা দিছিল ৷ তেওঁৰ মতে তথ্য সংগ্ৰহ কৰিলেই ইতিহাস নহয় ৷ তথ্যৰ পুংখানুপুংখ বিবৰন থাকিব লাগিব ৷ লগতে ইতিহাসত সাধাৰণ লোকৰ খবৰ যদি নাথাকে সি সম্পূৰ্ণ ইতিহাস হ’ব নোৱাৰে বুলি উল্লেখ কৰে ৷ 

সন্ধিয়াৰ পৰা গ্ৰন্থমেলাস্থলীত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইয়াৰ পিছতে সুদক্ষিণা শৰ্মা সোঁৱৰণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় ৷ অনুষ্ঠানত সাৰদা সংগীত কাননৰ ছাত্ৰ- ছাত্ৰীসকলে অনুষ্ঠান পৰিবেশন কৰে ৷

গ্ৰন্থমেলা book fair