/asomiyapratidin/media/media_files/2025/02/12/cZNxODW3HAvai6GtzPCY.jpg)
টুপীয়াত কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ টুপীয়াত বুধবাৰে সদৌ শোণিতপুৰ জিলা কোচ- ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্যৰ উদ্যোগত সদৌ জামুগুৰি আঞ্চলিক কোচ-ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্যৰ সহযোগত ৫১৫ সংখ্যক কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় ৷ বৃহত্তৰ জামুগুৰিবাসী ৰাইজৰ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস তথা জন্ম জয়ন্তী উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উজনি- মধ্য কেন্দ্ৰীয় সমিতিৰ সভাপতি বিক্ৰম দাসে ৷
ইয়াৰ পিছতে চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি কাৰ্যসূচী মুকলি কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্য কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অঞ্জন দত্তই ৷ বিভিন্ন সাহিত্য সাংস্কৃতিক অনুষ্ঠানৰ পিছতে উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি যুৱ লেখক সাহিত্যিক লক্ষীকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
তেওঁ অনুষ্ঠানত তত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ নিৰ্দ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জ্যোতিষ্মান দাস আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমনি বৰাই৷
অনুষ্ঠানৰ মাজতে টুপিয়াৰ পায়নিয়াৰ ক্লাৱৰ দ্বাৰা প্ৰকাশিত অঞ্চলটোৰ লেখক সাহিত্যিক মুহিধৰ বৰাৰ “পঞ্চমৃত” নামৰ গ্ৰন্থ খনিও শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই ৷