/asomiyapratidin/media/media_files/2025/01/30/RXEQdb5lAK1O2QGGFRov.png)
ডিজিটেল ডেস্কঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা আহি থকা অৱস্থা নাথুৰাম গডছেই মহাত্মা গান্ধীৰ বুকু ভেদি যোৱাকৈ গুলীয়াই হত্যা কৰিছিল।
বাপুৰ ৭৭ সংখ্যক মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইটত উল্লেখ কৰে যে, "পূজনীয় বাপুৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। তেওঁৰ আদৰ্শই আমাক এখন উন্নত ভাৰত গঢ়িবলৈ অনুপ্ৰাণিত কৰিছে। আমাৰ জাতিৰ বাবে শ্বহীদ হোৱা প্ৰতিগৰাকীকে মই শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁলোকৰ সেৱা আৰু ত্যাগক স্মৰণ কৰিছোঁ"
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বাপুক স্মৰণ কৰি টুইট কৰে যে "গান্ধীজী কেৱল এজন ব্যক্তি নহয়, তেওঁ ভাৰতৰ আত্মা আৰু আজিও প্ৰতিজন ভাৰতীয়ৰ মাজত তেওঁ জীয়াই আছে। সত্য, অহিংসা আৰু নিৰ্ভীকতাৰ শক্তিয়ে বৃহৎ সাম্ৰাজ্যৰ শিপা কঁপাই তুলিব পাৰে। জাতিৰ পিতা মহাত্মা, আমাৰ বাপুক তেওঁৰ শ্বহীদ দিৱসত শ শ প্ৰণাম।
ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সমগ্ৰ দেশবাসীয়ে আজি জাতিৰ নায়ক গৰাকীক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতেই ৩০ জানুৱাৰীত শ্বহীদ দিৱস পালন কৰা হয় ৷ মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে হোৱা শোভাযাত্ৰাক স্বাধীন ভাৰতৰ আটাইতকৈ বৃহৎ অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা বুলি কোৱা হয়। গান্ধীজীক শেষ শ্ৰদ্ধা জনাবলৈ প্ৰায় ১০ লাখ মানুহে পদযাত্ৰা কৰি আহিছিল।