৫ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীয়ে ল’ব শপত...

সাজু হৈছে মণ্ডপ। থিৰাং হৈছে তাৰিখ। সাজু আছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল। আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লবলৈ প্ৰস্তুত হৈছে দেবেন্দ্ৰ ফাড়নবিছ।

author-image
Asomiya Pratidin
New Update
Skve

ডিজিটেল ডেস্কঃ  সাজু হৈছে মণ্ডপ। থিৰাং হৈছে তাৰিখ। সাজু আছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল। আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লবলৈ প্ৰস্তুত হৈছে দেবেন্দ্ৰ ফাড়নবিছ।

৫ডিচেম্বৰত বিজেপি নেতাগৰাকীয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ কথা। তাৰ পূৰ্বেই বিজেপিৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত মহাৰাষ্ট্ৰৰ বিধানসভাৰ প্ৰেক্ষাগৃহত। শেহতীয়া নিৰ্বাচনত শিৱসেনা একনাথ গোট, অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি আৰু বিজেপিয়ে একেলগে নিৰ্বাচনী ৰণত নামিছিল।

ভৱাতকৈ বহু বেছি ভাল ফলাফল লাভ কৰা একনাথ সিন্ধেৰ মুখ্যমন্ত্ৰীৰ আসনখন সুৰক্ষিত হৈ নৰল। অজিত পাৱাৰ আৰু একনাথ সিন্ধেৰ সৈতে দিল্লীত কেইবাবাৰো আলোচনাত বহিল বিজেপি নেতৃত্ব।

তাৰ পাছতে একনাথ সিন্ধেই ঘোষণা কৰিছিল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সিদ্ধান্ত লব। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সিন্ধেৰ এই ৰাজনৈতিক ইংগিতেই যথেষ্ট আছিল নতুন মুখ্যমন্ত্ৰীৰ নাম অনুমান কৰিবলৈ।

অজিত পাৱাৰে শেষ মূৰ্হুতত উপ মুখ্যমন্ত্ৰী পদবী পালেও আচৰিত হবলগীয়া একো নাথাকিব। মুখ্যমন্ত্ৰী আসনৰ পৰা উপ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ নাৰাজ একনাথ সিন্ধে। সেয়েহে বিজেপিৰ সৈতে থকা শিৱসেনা একনাথ সিন্ধে গোটে বিচাৰিছে গৃহ, ৰাজহৰ দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী।

মুখেৰে কলেও মনেৰে সন্তুষ্ট নহয় অজিত পাৱাৰ আৰু একনাথ সিন্ধে। ৰাজ্যৰ ৰাজ্যখনৰ ৰাজনীতি এই তিনি শীৰ্ষ নেতাই মুম্বাইত থাকি সহমতত উপনীত হোৱাৰ এক পৰিৱেশ এতিয়াও দেখা নাই কংগ্ৰেছে।

মুম্বাইতে আছে ফাড়নবিছ। স্বাস্থ্য বেয়া বুলি থানেত আছেগৈ একনাথ সিন্ধে। দিল্লীত বহি আছে অজিত পাৱাৰ। এনেকৈ এতিয়া মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ প্ৰস্তুতি চলিছে। দুই মিত্ৰদলৰ পূৰ্ণ সহযোগ নাপালেও ৫ডিচেম্বৰত দেবেন্দ্ৰ ফাড়নবিছে লব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব। এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। 

মহাৰাষ্ট্ৰ