ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনত মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ অৰ্জুনি মহকুমাৰ খাজৰি গাঁৱৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰত প্ৰকাশ কৰা তথ্য অনুসৰি, নাগপুৰৰ পৰা গণ্ডিয়া অভিমুখী ৩৫ গৰাকীৰো অধিক যাত্ৰী থকা শিৱশাহী নামৰ এখন বাছ বাগৰি যায়। ঘটনাত প্ৰায় ১১ গৰাকী লোক নিহত লগতে ২৬ গৰাকী আহত হয়।
উক্ত স্থানত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হৈ ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে আহত যাত্ৰীসকলক গণ্ডিয়া জিলা চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে আৰক্ষীয়ে জনোৱা মতে আঘাতপ্ৰাপ্তসকলৰ মাজত কেইবাজনৰো অৱস্থা সংকটজনক হোৱা বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইফালে ঘটনা সংঘটিত হোৱা পাছতে উক্ত স্থানৰ পৰা পলায়ণ কৰে চালকে।
ঘটনা সংঘটিত হোৱা পাছতে মহাৰাষ্ট্ৰৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে পৰিবহণ বিভাগক পীড়িতসকলক ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সযোগে শোক প্ৰকাশ কৰে।
চৰকাৰী তথ্য অনুসৰি, নিহত ৯ জন ক্ৰমে- স্মিতা সূৰ্যবংশী (৩২), মগলা লাঞ্জেৱাৰ (৬০), ৰাজেশ লাঞ্জেৱাৰ, কল্পনা ৱাংখেড়ে (৬৫), ৰামচন্দ্ৰ কানোজে (৬৫), আৰিফ চয়ীদ (৪২), অজহাৰ আলী চয়ীদ (৫৫) আৰু নয়না বিশাল মিটকাটি (৩৫ ।