Advertisment

সন্তোষজনক নহয় মহাৰাষ্ট্ৰৰ ভোটদানৰ হাৰ : মুম্বাইবাসীৰ ভোট দিবলৈ অনীহা...

স্বাভাৱিকতে এনে এটা ঘন জনবসতিপূৰ্ণ সমষ্টিত ভোটদাতাৰ হাৰ সৰ্বনিম্ন হোৱাটো ৰাজ্যখনৰ লগতে দেশৰ ৰাজনৈতিক মহলত চৰ্চিত হৈছে। কেৱল এইবাৰেই নহয়, ২০১৪ আৰু ২০১৯তো সমষ্টিটোত ভোটদাতাৰ হাৰ সন্তোষজনক নাছিল

author-image
Asomiya Pratidin
New Update
mumbai

ডিজিটেল ডেস্ক : কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অন্ত পৰিল মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। ২০ নৱেম্বৰ ২০২৪ বুধবাৰে পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ পৰ্ব। অৱশ্যে কোনো কোনো অঞ্চলৰ ভোটকেন্দ্ৰত ভোটাৰৰ শাৰী দীঘলীয়া হোৱা হেতু কিছু পৰলৈকে চলি থাকে ভোটদান প্ৰক্ৰিয়া।

Advertisment

সন্ধিয়া ৬-০০ বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত ভোটদাতাৰ হাৰ হৈছে- ৬৫.০৮। লক্ষ্যণীয়ভাৱে ৰাজ্যখনৰ আন জনবহুল সমষ্টিৰ তুলনাত মুম্বাই চিটি সমষ্টিত ভোটদাতাৰ হাৰ সৰ্বনিম্ন। মুম্বাই চিটি নামৰ সমষ্টিটোত নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভোটদাতাৰ হাৰ হৈছে- ৫২.০৭।

স্বাভাৱিকতে এনে এটা ঘন জনবসতিপূৰ্ণ সমষ্টিত ভোটদাতাৰ হাৰ সৰ্বনিম্ন হোৱাটো ৰাজ্যখনৰ লগতে দেশৰ ৰাজনৈতিক মহলত চৰ্চিত হৈছে। কেৱল এইবাৰেই নহয়, ২০১৪ আৰু ২০১৯তো সমষ্টিটোত ভোটদাতাৰ হাৰ সন্তোষজনক নাছিল। ২০১৪ত ভোটদাতাৰ হাৰ আছিল ৫১. ২১ শতাংশ। একেদৰে ২০১৯ত আছিল ৫০. ৬৭।

মুম্বাই চিটি সমষ্টিৰ ভোটাৰ ৰাইজৰ ভোটদানৰ প্ৰতি কিয় অনিহা আহিছে সেই সম্পৰ্কত বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে। মুম্বাইৰ প্ৰায় সংখ্যক ভোটাৰৰ ভোটদানৰ প্ৰতি মোহ ভংগ হৈছে বুলি মন্তব্য কৰে। তাৰোপৰি অধিকাংশ যুৱ ভোটাৰ ভোটদানৰ প্ৰতি আগ্ৰহী নহয়। বাকীবোৰ সমষ্টিৰ তুলনাত মুম্বাই চিটি সমষ্টিৰ যুৱ ভোটাৰসকল ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আগ্ৰহী নহয়।

নিম্ন মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ বহু লোকে শাৰী পাতি ভোট দিবলৈও অনীহা প্ৰকাশ কৰে। তাৰোপৰি দিন হাজিৰা কৰা লোকসকলে ভোটদানৰ বাবে এটা দিন ক্ষতি কৰিব নিবিচাৰে। মুম্বাইৰ দৰে এখন আগশাৰীৰ মহানগৰীত জীৱন নিৰ্বাহ কৰাটো সহজসাধ্য নহয়, তেনে অৱস্থাত উপাৰ্জন কৰা এজন লোকে কাম ক্ষতি ভোট দিব নিবিচাৰে বুলি উল্লেখ কৰে।

mumbai 2024 general election