ন্যায়ালয়ত চলি আছে মহাৰাষ্ট্ৰৰ মহাবিদ্ৰোহৰ যুঁজ…

ন্যায়ালয়ত চলি আছে মহাৰাষ্ট্ৰৰ মহাবিদ্ৰোহৰ যুঁজ…

author-image
asomiyapratidin
New Update
ঐতিহাসিক নিৰ্দেশ;  ১৫২ বছৰ পুৰণি ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ মহাবিদ্ৰোহৰ যুদ্ধ এতিয়া চলিছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত। বৃহস্পতিবাৰৰ প্ৰস্তাৱিত আস্থা ভোটক লৈ উদ্ধৱ থাকৰেৰ পক্ষই ন্যায়ালয়ৰ কাষ চপা মহাৰাষ্ট্ৰৰ বিধানসভাৰ বিশেষ অধিৱেশনো এতিয়া অনিশ্চিত হৈ পৰিছে।

Advertisment

আৱেলি ৫ বজাৰ পৰা এই বিষয়টোক লৈ ন্যায়ালয়ত শুনানি আৰম্ভ হোৱাৰ পাছতেই থাকৰেৰ পক্ষৰ অধিবক্তাই আদালতত যুক্তি দৰ্শাই যে বিষয়টো ন্যায়ালয়ৰ বিবেচনাহীন হৈ থকাৰ পাছতো ৰাজ্যপাল ভগত সিং কুশাৰীয়ে জানি শুনি এই আস্থা ভোটৰ বাবে অধিৱেশনত আহ্বান জনাইছিল।

শিৱসেনাৰ হৈ অভিষেক মনু ছিংভিয়ে শুনানি কালত কয় নিশা ১০ বজাত ৰাজ্যপালক বিদ্ৰোহী বিধায়ক সকলক সাক্ষাত কৰিছিল আৰু বুধবাৰৰ নিশা ১১ বজাত মাত্ৰ ১ঘন্টাৰ ভিতৰতে আস্থা ভোটৰ নিৰ্দেশ দিছিল।

ছুপাৰ চনিক স্পিডত এই আদেশ দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয়  কংগ্ৰেছৰ দুজন বিধায়ক দেশৰ বাহিৰত আছে। এন চি পিৰ দুজন বিধায়ক কোৰোনাত আক্ৰান্ত হৈছে।

১১ জুলাইলৈকে ১৬ জন বিধায়কক অযোগ্য ঘোষণা কৰাৰ বাবে দিয়া জাননী উত্তৰ দিবলৈ ন্যায়ালয়ে সময় দিয়াৰ পাছতো কিয় এনে খৰখেদা কৰা হৈছিল। বৃহস্পতিবাৰে এই শক্তি পৰীক্ষা নহলেও আকাশ খহি নপৰে বুলি যুক্তি দৰ্শাই তেওঁ।

আনহাতে শুনানি কালত বিদ্ৰোহী নেতা একনাথ সিন্দেৰ পক্ষৰ হৈ ওকালতি কৰা অধিবক্তাই কয় যিমান পাৰি সোনকালে শক্তি পৰীক্ষা অনুষ্ঠিত হব লাগে। হৰ্চ ট্ৰেডিঙৰ বাবে এই পৰীক্ষা অচিৰেই অনুষ্ঠিত হোৱাটো জৰুৰী। সিন্দে গোটৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল অধিবক্তা নিৰজ কোলে।

আৰু পঢ়ক: বান বিধ্বস্ত এলেকাৰ কৃষকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা ক'লে মন্ত্ৰী অতুল বৰাই…

maharashtra shiv sena supreme court bjp